পাঠশালাত অৰ্ধ চেতন অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱক! বাছত নিচাজাতীয় দ্ৰব্য খোৱাই দিয়াৰ সন্দেহ 

যুৱকজনে স্মৃতি শক্তি সাময়িকভাৱে হেৰুৱাই নিজৰ পিতৃ মাতৃৰ নামৰ লগতে নিজৰ সকলো পৰিচয় পাহৰি পেলায়। 

News18-Assam
Updated:September 10, 2019, 10:23 PM IST
পাঠশালাত অৰ্ধ চেতন অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱক! বাছত নিচাজাতীয় দ্ৰব্য খোৱাই দিয়াৰ সন্দেহ 
অচিনাক্ত যুৱক জন
News18-Assam
Updated: September 10, 2019, 10:23 PM IST
 

পাঠশালা সমীপৰ দলৈগাঁৱত প্ৰায় ১৮ বছৰীয়া এগৰাকী যুৱক অৰ্ধ চেতন অৱস্থাত  উদ্ধাৰ হোৱাৰ পিছত  গাঁওখনত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য। গাঁওখনত আজি পুৱাৰ সময়ত অনাই বনাই ঘূৰি  থকা যুৱকজনক  গাওঁবাসীয়ে  আশ্ৰয় দি পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা কৰে যদিও যুৱকজনে এটা কথাও সঠিকভাৱে কৱ নোৱাৰিলে  ll

যুৱকজনৰ দুই এটা কথাৰ পৰা জানিব পৰা মতে যুৱকজনৰ ঘৰ ধুবুৰীত আৰু যুৱকজনে নলবাৰী গোপাল বজাৰত ৰাজমিস্ত্ৰীৰ কাম কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা বাছেৰে আহি থকা সময়ত যুৱকজনক  কোনোবাই নিচাযুক্ত দ্ৰব্য খোৱাই দিয়ে। পৰিণতিত যুৱকজনে স্মৃতি শক্তি সাময়িকভাৱে হেৰুৱাই নিজৰ পিতৃ মাতৃৰ নামৰ লগতে নিজৰ সকলো পৰিচয় পাহৰি পেলায়।

ইপিনে গাঁওবাসীয়ে পৰিচয়বিহীন যুৱকজনৰ বিষয়ে পাঠশালা আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে সন্ধিয়া যুৱকজনক পাঠশালা আৰক্ষী চকীলৈ লৈ যায়।
আৰু চাওক পৰৱৰ্তী বাতৰি