• Home
  • »
  • News
  • »
  • assam
  • »
  • দুটা বছৰত পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হোৱা তিনি ভাতৃ-ভগ্নীৰ কৰুণ কাহিনী

দুটা বছৰত পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হোৱা তিনি ভাতৃ-ভগ্নীৰ কৰুণ কাহিনী

উপাসনা, জুপিতৰা আৰু গোবিন্দ৷ তিনি ভাতৃ–ভগ্নী৷ এবছৰ পূৰ্বে তিনিওৰে ঠিকনা আছিল ৰংজুলিৰ টিপলাই গাঁও৷ কিন্তু এতিয়া আৰু এই তিনি ভাতৃ-ভগ্নীৰ নাই কোনো স্থায়ী ঠিকনা৷

উপাসনা, জুপিতৰা আৰু গোবিন্দ৷ তিনি ভাতৃ–ভগ্নী৷ এবছৰ পূৰ্বে তিনিওৰে ঠিকনা আছিল ৰংজুলিৰ টিপলাই গাঁও৷ কিন্তু এতিয়া আৰু এই তিনি ভাতৃ-ভগ্নীৰ নাই কোনো স্থায়ী ঠিকনা৷

উপাসনা, জুপিতৰা আৰু গোবিন্দ৷ তিনি ভাতৃ–ভগ্নী৷ এবছৰ পূৰ্বে তিনিওৰে ঠিকনা আছিল ৰংজুলিৰ টিপলাই গাঁও৷ কিন্তু এতিয়া আৰু এই তিনি ভাতৃ-ভগ্নীৰ নাই কোনো স্থায়ী ঠিকনা৷

  • Share this:
মাত্ৰ দুটা বছৰতে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হ'ল তিনিটাকৈ শিশু৷ এতিয়া ঘৰ বুলিবলৈ নাই একো৷ দুৰ্ভগীয়া শিশুকেইটিয়ে মোমায়েকৰ ঘৰত যোৱা এটা বছৰে আশ্ৰয় লৈ আছে যদিও দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মোমায়েকো এতিয়া অপাৰগ তিনি শিশুক ভোৰণ পোষণ দিয়াৰ বাবে৷ সেয়ে চৰকাৰ, সদাশয় লোক বা কোনো সংস্থাৰ পৰা বিচাৰিছে সহায়ৰ হাত।

উপাসনা, জুপিতৰা আৰু গোবিন্দ৷ তিনি ভাতৃ–ভগ্নী৷ এবছৰ পূৰ্বে তিনিওৰে ঠিকনা আছিল ৰংজুলিৰ টিপলাই গাঁও৷ কিন্তু এতিয়া আৰু এই তিনি ভাতৃ-ভগ্নীৰ নাই কোনো স্থায়ী ঠিকনা৷ পিতৃ-মাতৃৰ বিয়োগৰ পিছতে জন্ম হোৱা আপোন ঘৰখন এৰি মোমায়েকৰ ঘৰত আশ্ৰয় ল’বলগীয়া হৈছে তিনিও। ৰোগাক্ৰান্ত হৈ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে একমাত্ৰ সাৰথি আছিল সন্তান তিনিটাৰ। কিন্তু নিয়তিৰ কি পৰিহাস। পিতৃৰ বিয়োগৰ এটা বছৰ পিছতে তিনি সন্তানক অনাথ কৰি মৃত্যুক আঁকোৱালি ল’লে মাতৃয়েও ৷

নিথৰুৱা হৈ পৰিল উপাসনা, জুপিতৰা আৰু গোবিন্দ। তাৰ পিছতে আপোন ঘৰখন এৰি দুধনৈৰ নিকটৱৰ্তী উপৰতলা গাঁৱৰ মোমায়েকৰ ঘৰত আশ্ৰয় লয় তিনিও। যোৱা এটা বছৰে বিদ্যালয় বা পঢ়াশুনা ত্যাগ কৰি থাকিবলগীয়া হৈছে ভাতৃ-ভগ্নীত্ৰয়ে। আনহাতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মোমায়েকো এতিয়া অপাৰগ হৈ পৰিছে তিনিটা ল’ৰা-ছোৱালীক ভোৰণ পোষণ দিয়াত।

আৰ্থিক দুৰাৱস্থাৰ বাবে পঢ়া–শুনাই হওঁক বা প্ৰয়োজনীয় কোনো সামগ্ৰীয়ে হওঁক সকলোৰে পৰা বঞ্চিত হৈছে শিশুকেইটা৷ সিহঁতৰ ভৱিষ্যৎ যাতে অন্ধকাৰময় নহয়, তাৰ বাবে মোমায়েকৰ আহ্বান চৰকাৰ, সদাশয় লোক, বা কোনো সংস্থালৈ৷ এই তিনি ভাতৃ-ভগ্নীক এটা স্থায়ী ঠিকনাই হওক বা উজ্জ্বল ভৱিষ্যতৰ বাবেই হওক, যদি কোনোৱে দায়িত্ব লয় তেন্তে ভৱিষ্যত অন্ধকাৰ হোৱাৰ পৰা পৰিত্ৰাণ পাব দুৰ্ভগীয়া তিনি ভাতৃ-ভগ্নীয়ে৷
Published by:Sanjay Kumar Das
First published: