• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা কিয় বঞ্চিত হয় দৰিদ্ৰ তথা অসহায় লোকসকল! যোৰহাটৰ আন এটি পৰিয়ালৰ দৃশ্যই মৰ্মাহত কৰিব আপোনাক?

চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা কিয় বঞ্চিত হয় দৰিদ্ৰ তথা অসহায় লোকসকল! যোৰহাটৰ আন এটি পৰিয়ালৰ দৃশ্যই মৰ্মাহত কৰিব আপোনাক?

এয়া মাথোঁ কিছু উদাহৰণহে। অসমৰ চুকে–কোণে এনে আৰু বহু দৰিদ্ৰ পৰিয়াল আছে যি চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে।

এয়া মাথোঁ কিছু উদাহৰণহে। অসমৰ চুকে–কোণে এনে আৰু বহু দৰিদ্ৰ পৰিয়াল আছে যি চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে।

এয়া মাথোঁ কিছু উদাহৰণহে। অসমৰ চুকে–কোণে এনে আৰু বহু দৰিদ্ৰ পৰিয়াল আছে যি চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে।

  • Share this:
চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ দ্বাৰা উপকৃত হোৱাৰ পৰা প্ৰায়ে বঞ্চিত হয় দৰিদ্ৰ লোকসকল। যোৰহাটতো দেখিবলৈ পোৱা গৈছে বিকশিত অসমৰ এখন অবিকশিত ছবি। পিতৃ-মাতৃহীন তিনি কনমানিৰ ঘৰৰ দৃশ্যৰ পিছত এইবাৰ এহাল ভাতৃ-ভগ্নীৰ জীৱন ধাৰণৰ দৃশ্যই ব্যথিত কৰিব আপোনাক। এনে ঘটনা মাথোঁ কিছু উদাহৰণহে।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে। কিন্তু বহুক্ষেত্ৰত এই আঁচনিসমূহে স্পৰ্শ নকৰে প্ৰকৃত লোকসকলক। যোৰহাটৰ কমমানি পাপুলিহঁতৰ ঘৰৰ অৱস্থা News18ৰ জৰিয়তে পোহৰলৈ আহিছে। বৰষুণ দিলে ঘৰৰ ভিতৰখন পানীৰে উপচি পৰা জৰাজীৰ্ণ ঘৰটোত জীৱন নিৰ্বাহ কৰি অহা পৰিয়ালটোৰ বাবে বহু চেষ্টাৰ পিছতো পাপুলিহঁতৰ পিতৃ-মাতৃয়ে এটা চৰকাৰী বাসগৃহৰ ব্যৱস্থা কৰিব নোৱাৰিলে। কণমানি পাপুলিহঁতৰ মাতৃৰ নাছিল এটা বেংক একাউণ্ট। দীৰ্ঘদিন চেষ্টা কৰিও বেংকত এটা একাউণ্ট খুলিবলৈ সক্ষম নহৈছিল পাপুলিৰ মাতৃ। ফলত চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ ৰৈছিল পৰিয়ালটো।

পাপুলিহঁতৰ কাহিনী মাথোঁ এটা উদাহৰণহে। এইবাৰ এনে আৰু এটা পৰিয়ালৰ বিষয়ে আমি ক’বলৈ গৈছো যাৰ বিষয়ে শুনাৰ পিছত আপুনি পুনৰ ভাবিবলৈ বাধ্য হ’ব যে চৰকাৰী আঁচনিসমূহ লাভ কৰাৰ পৰা কিয় বঞ্চিত হ’বলগা হয় দৰিদ্ৰ তথা অসহায় লোকসকল!

যোৰহাটৰ পুলিবৰ বৰখঙীয়া গাঁৱৰ দুই ভাতৃ-ভগ্নীৰ কাহিনী এয়া। বেণুধৰ বৰা আৰু জিনু বৰা নামৰ বিশেষভাৱে সক্ষম ভাতৃ-ভগ্নী দুগৰাকী দীৰ্ঘদিন ধৰি ঘৰ নামৰ এটা পুতিগন্ধময় বাসগৃহৰ ধ্বংসাৱশেষখিনিৰ মাজতে দিন পাৰ কৰি আহিছে। বিগত প্ৰায় ২০ বছৰ ধৰি জীয়াই থকাৰ বাবে কঠোৰ সংগ্ৰাম কৰি আহিছে দুই ভাতৃ-ভগ্নীয়ে। এই জীৱন সংগ্ৰামৰ দৃশ্য আপুনি নিজে নেদেখিলে উপলব্ধি কৰিব নোৱাৰিব। আনহাতে তেওঁলোকৰ নাই বিশেষভাৱে সক্ষম ব্যক্তিৰ চৰকাৰী মানপত্ৰও।

"যোৱা প্ৰায় ২০ বছৰ ধৰি বিশেষভাৱে সক্ষম ভাতৃ-ভগ্নীয়ে এই জৰাজীৰ্ণ ঘৰটোতে বসবাস কৰি আহিছে। আমি তেওঁলোকক যিমান পাৰি সহায় কৰি আহিছো। কিন্তু আচৰিত হৈছো এনে এটি পৰিয়ালে চৰকাৰী আঁচনিৰ সহায় লাভ কৰাৰ পৰা বঞ্চিত হৈ থকা দেখি।", দুৰ্ভগীয়া পৰিয়ালটিৰ আত্মীয় পুতুল বৰাই এনেদৰে কয়।

শেহতীয়াকৈ যোৰহাটৰ সমাজকল্যাণ বিভাগে বেণুধৰ বৰাক এখন হুইল চেয়াৰ প্ৰদান কৰিছে। সমীপতে বসবাস কৰা আত্মীয়ই তেওঁলোকক চোৱা-চিতা কৰি আহিছে। সকলোৰে মনত প্ৰশ্ন হৈছে যে চৰকাৰী আঁচনিসমূহে এনে লোকসকলক স্পৰ্শ কৰিব নোৱাৰে কিয়!

"আমি চৰকাৰক আহ্বান জনাইছো যে সমাজৰ এনে স্তৰৰ লোকসকলক চৰকাৰী আঁচনিসমূহৰ জৰিয়তে সহায় কৰাৰ বাবে বিশেষ সুচল ব্যৱস্থা গ্ৰহণ কৰক। এইসকল লোক সহায় লাভৰ পৰা বঞ্চিত হৈ থকাটো দুৰ্ভাগ্যজনক।", স্থানীয় সচেতন যুৱক জগত বৰাই এনেদৰে কয়।

এয়া মাথোঁ কিছু উদাহৰণহে। অসমৰ চুকে–কোণে এনে আৰু বহু দৰিদ্ৰ পৰিয়াল আছে যি চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। এইক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই তৃণমূল পৰ্যায়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published: