নাই এখন ঘৰ, কন্যা জাহ্নৱীয়ে ল’ব পৰা নাই এডমিশ্যন, গহপুৰৰ শইকীয়া পৰিয়ালৰ দুৰ্দশা দেখিলে চকুপানী ওলাব আপোনাৰ

Sanjay Kumar Das | News18-Assam
Updated:January 30, 2020, 6:33 PM IST
নাই এখন ঘৰ, কন্যা জাহ্নৱীয়ে ল’ব পৰা নাই এডমিশ্যন, গহপুৰৰ শইকীয়া পৰিয়ালৰ দুৰ্দশা দেখিলে চকুপানী ওলাব আপোনাৰ
ডাঙৰ ছোৱালী জাহ্নবী নৱম শ্ৰেণী পাইছে। কিন্তু ধনৰ অভাৱত এডমিশ্যন ল’ব পৰা নাই জাহ্নৱী আৰু ভাতৃয়ে। কাৰণ এডমিশ্যনৰ বাবে ২৫০ টকাকৈ লাগে ৫০০ টকা।

ডাঙৰ ছোৱালী জাহ্নবী নৱম শ্ৰেণী পাইছে। কিন্তু ধনৰ অভাৱত এডমিশ্যন ল’ব পৰা নাই জাহ্নৱী আৰু ভাতৃয়ে। কাৰণ এডমিশ্যনৰ বাবে ২৫০ টকাকৈ লাগে ৫০০ টকা।

  • Share this:
গহপুৰৰ ৰাঙলিয়াল গাঁও পঞ্চায়তৰ অন্তৰ্গত জকাপৰাৰ এটা পৰিয়াল। ২১ শতিকাতো আদিম মানৱৰ দৰেই জীৱন–যাপন কৰিবলগীয়া হৈছে এই দৰিদ্ৰ পৰিয়ালটোৱে। বাঁহৰ খুটাৰ ওপৰত কেইখনমান টিনপাত, বেৰ বুলিবলৈ কেইখনমান ফটা কাপোৰ। নাই খোৱাপানীৰ সুব্যৱস্থা, নাই শৌচালয়। মুকলি আকাশৰ তলতে বনাবলগীয়া হৈছে পেটৰ ভাতমুটি। চাৰি সন্তানৰ সৈতে এইদৰেই জীৱন অতিবাহিত কৰি আহিছে ধীৰেন শইকীয়া আৰু মুনমী শইকীয়াৰ পৰিয়ালে।

ডাঙৰ ছোৱালী জাহ্নবী নৱম শ্ৰেণী পাইছে। কিন্তু ধনৰ অভাৱত এডমিশ্যন ল’ব পৰা নাই জাহ্নৱী আৰু ভাতৃয়ে। কাৰণ এডমিশ্যনৰ বাবে ২৫০ টকাকৈ লাগে ৫০০ টকা। দিন হাজিৰা কৰি কোনোমতে ভাতমুঠি যোগাৰ কৰা ধীৰেন শইকীয়াই সন্তানক এডমিশ্যনৰ বাবে যোগাৰ কৰি দিব পৰা নাই ৫০০ টকা।



পূৰ্বতে পৰিয়ালটোৰ এটা ঘৰ আছিল। কিন্তু বনৰীয়া হাতীয়ে ভাঙি পেলাইছিল ঘৰটো। হাতীয়ে ভঙা ঘৰটো পুনৰ মেৰামতি কৰি লৈছিল যদিও পিছত ধুমুহাই বিধ্বস্ত কৰি পেলাইছিল। তাৰ পিছৰে পৰা তিনি বছৰ ধৰি এইদৰেই দিন কটাইছে পৰিয়ালটোৱে। হয়তো ধুমুহা আহিলে আকৌ ভাগি পৰিব এই চালিখন।



গহপুৰৰ ভূৱন শইকীয়া নামৰ লোকজনে ফেচবুকত শ্বেয়াৰ কৰিছিল পৰিয়ালটোৰ এই দুৰ্দশা। ফেচবুকত পৰিয়ালটোৰ ভিডিঅ’ প্ৰস্তুত কৰি শ্বেয়াৰ কৰাৰ লগতে কিছু পৰিমাণৰ আৰ্থিক সাহায্যও আগবঢ়াইছিল ভূৱন শইকীয়া আৰু তেওঁৰ কেইজনমান বন্ধুৱে। তাৰ পিছতে News18ৰ সাংবাদিক কাষ চাপিছিল পৰিয়ালটোৰ।


দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে বৰ্তমান চৰকাৰে হাতত লৈছে বিভিন্ন আঁচনি। কিন্তু কোনো আঁচনিয়ে ঢুকি পোৱা নাই এই পৰিয়ালটোক। আনকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰো লাভ কৰা নাই পৰিয়ালটোৱে। অনাময় আঁচনিৰ অধীনত এটা শৌচালয় পাইছি যদিও নিৰ্মাণৰ পিছদিনাই ধুমুহাই উৰুৱাই নিছিল টিনপাত। আজিলৈ এই পৰিয়ালটোৰ ওপৰত নপৰিল স্থানীয় জনপ্ৰতিনিধিৰ চকু।



কোনো সদাশয় লোকে পৰিয়ালটোক সাহায্য আগবঢ়াব বিচাৰিলে যোগাযোগ কৰিব পাৰে News18ৰ সৈতে। আমাৰ সংবাদদাতাৰ জৰিয়তে আপোনাৰ সাহায্য পৰিয়ালটোলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিম। পৰিয়ালটোক সহায় কৰিবলৈ আমাৰ গহপুৰৰ সংবাদদাতা পলাশ ফুকনৰ সৈতে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 6000484556।
আৰু চাওক
পৰৱৰ্তী বাতৰি