• Home
  • »
  • News
  • »
  • assam
  • »
  • এগৰাকী মেধাৱী ছাত্ৰৰ কৰুণ গাঁথা, উচ্চতৰ মাধ্যমিকত অসমৰ ভিতৰত ষষ্ঠ স্থান পোৱা ৰূপজ্যোতিৰ এতিয়া বিছনাখনেই সংগী

এগৰাকী মেধাৱী ছাত্ৰৰ কৰুণ গাঁথা, উচ্চতৰ মাধ্যমিকত অসমৰ ভিতৰত ষষ্ঠ স্থান পোৱা ৰূপজ্যোতিৰ এতিয়া বিছনাখনেই সংগী

জটিল ৰোগত আক্ৰান্ত যুৱক ৰূপজ্যোতিৰ এতিয়া বিছনাখনেই সংগী হৈ পৰিছে। এসময়ত সুন্দৰ কবিতা লিখা ৰূপজ্যোতিয়ে অসুস্থ দেহাৰেই বৰ্তমানো কোনোবাই ক’লে আবৃত্তি কৰে কবিতা।

জটিল ৰোগত আক্ৰান্ত যুৱক ৰূপজ্যোতিৰ এতিয়া বিছনাখনেই সংগী হৈ পৰিছে। এসময়ত সুন্দৰ কবিতা লিখা ৰূপজ্যোতিয়ে অসুস্থ দেহাৰেই বৰ্তমানো কোনোবাই ক’লে আবৃত্তি কৰে কবিতা।

জটিল ৰোগত আক্ৰান্ত যুৱক ৰূপজ্যোতিৰ এতিয়া বিছনাখনেই সংগী হৈ পৰিছে। এসময়ত সুন্দৰ কবিতা লিখা ৰূপজ্যোতিয়ে অসুস্থ দেহাৰেই বৰ্তমানো কোনোবাই ক’লে আবৃত্তি কৰে কবিতা।

  • Share this:
নগাঁও জিলাৰ বেবেজীয়াৰ মাহৰিআটিৰ এজন উচ্চ শিক্ষাৰে শিক্ষিত যুৱকৰ কৰুণ জীৱন গাঁথা। যুৱকজনৰ নাম ৰূপজ্যোতি বেজবৰা। ১৯৯৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৰূপজ্যোতিয়ে অসমৰ ভিতৰতে লাভ কৰিছিল ষষ্ঠ স্থান। ১৯১৯ চনত কটন কলেজৰ পৰা মেজৰ সহ স্নাতক ডিগ্ৰী লাভ কৰি ২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিও প্ৰচূৰ মেধাসম্পন্ন ছাত্ৰ ৰূপজ্যোতিয়ে যোগাৰ কৰিব নোৱাৰিলে এটা চৰকাৰী চাকৰি। ফলত মানসিক ভাৱে ভাগি পৰে ৰূপজ্যোতি। ব্যৱসায় কৰিবলৈও হাতত নাই ধন। এনে সময়তে মানসিক ভাৱে ভাগি পৰা উচ্চ শিক্ষাৰে শিক্ষিত ৰূপজ্যোতি ৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। Spondylopathies নামৰ এক জটিল ৰোগত আক্ৰান্ত হ’ল যুৱকজন।

উপাৰ্জন বুলিবলৈ ঘৰখনটো কাৰো একো নাই। ৰূপজ্যোতিৰ পিতৃ দেৱেন বেজবৰাৰ ২০১৮ বৰ্ষতে মৃত্যু ঘটিছিল। মাটি বিক্ৰী কৰি মাতৃ আৰতি বেজবৰাই যিমান পাৰে সিমান পুত্ৰক সুস্থ কৰিবলৈ চিকিৎসা কৰিছিল। বৰ্তমান সৰ্বস্বান্ত ৰূপজ্যোতিৰ পৰিয়ালে ধনৰ অভাৱত চিকিৎসকৰ ওচৰলৈ নিব পৰা নাই ৰূপজ্যোতিক। যিজন যুৱকৰ সাফল্যৰ বাবে এদিন সমগ্ৰ নগাঁওবাসীয়ে গৌৰৱ কৰিছিল। ১৯৯৬ চনত ৰূপজ্যোতিয়ে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভৰ পাছত তেওঁৰ ঘৰলৈ মানুহৰ সোঁত বৈছিল। গামোচা, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে ওপচাই দিছিল ৰূপজ্যোতিক। কিন্তু এনে এজন মেধাবী ছাত্ৰৰ বিপদৰ সময়ত কাষত আজি কোনো নাই।

চৰকাৰী চাকৰিৰ মেৰপেঁচৰ বাবেই যে স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকজনৰ মেধাৰ অপমৃত্যু ঘটিছে। জটিল ৰোগত আক্ৰান্ত যুৱক ৰূপজ্যোতিৰ এতিয়া বিছনাখনেই সংগী হৈ পৰিছে। এসময়ত সুন্দৰ কবিতা লিখা ৰূপজ্যোতিয়ে অসুস্থ দেহাৰেই বৰ্তমানো কোনোবাই ক’লে আবৃত্তি কৰে কবিতা।স্বাভিমানী ৰূপজ্যোতিয়ে কাৰো পৰা ব্যক্তিগত সহায় নিবিচাৰে। তেওঁৰ মতে, সকলো মানুহে যন্ত্ৰণাৰ মাজত দিন কটাবলগীয়া হৈছে। সকলোৰে নিজৰ নিজৰ সমস্যা আছে। তেনেক্ষেত্ৰত মোৰ সমস্যা কাৰো ওপৰত জাপি দিব বিচৰা নাই। ৰূপজ্যোতিয়ে একমাত্ৰ অসম চৰকাৰৰ পৰা সহায় বিচাৰিছে। বৰ্তমান ৰূপজ্যোতিৰ একমাত্ৰ ভৰসা হৈ পৰিছে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।
Published by:Sanjay Kumar Das
First published: