এসময়ৰ জনপ্ৰিয় খাপলাং কাইখ্যাত মঙলদৈৰ ৰাহুল দাসক আপোনালোকৰ মনত আছেনে? খাপলাং কাইৰ অকাল মৃত্যুৰ পিছত কেনে আছে তেওঁৰ পৰিয়াল? খাপলাং কাই চৰিত্ৰত অভিনয় কৰি অতি জনপ্ৰিয় হৈ পৰা ৰাহুল দাসৰ ২০১৭ চনৰ ১৫ অক্টোবৰত মৃত্যু হৈছিল।
জীৱিত কালত তেওঁৰ ঘৰত দৈনিক উপস্থিত হৈছিল বহু সাংস্কৃতিক জগতৰ লোক। অতিথিক ভাত–চাহ খুৱাই বিশ্ৰাম ল’বলৈ সময়ৰ অভাৱ হৈছিল পত্নী মহিলা দাসৰ। কিন্তু সেই মহিলা দাসে আজি এসাঁজ ভাতৰ বাবে পথৰ কাষত চাহৰ দোকান দি জীৱন নিৰ্বাহ কৰিব লগা হৈছে।
মঙলদৈ জ্যোতিনগৰৰ ৰাহুল দাস অৰ্থাৎ খাপলাং কাইৰ মৃত্যুৰ আজি তিনিটা বছৰ উকলিল। কিন্তু কোনো চৰকাৰী আচঁনিয়ে ঢুকি পোৱা নাই পৰিয়ালটোক। পৰিয়ালটোৱে লাভ কৰা নাই অন্ন সুৰক্ষা আঁচনিৰ এখন কাৰ্ড। ৰাহুল দাসৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী মহিলা দাস আৰু পুত্ৰ কপিল দাসৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা।