যোৰহাটত এটা জানৰ অপমৃত্যু, বোকাই পুতিছে কৃষিভূমি আৰক্ষীচকী সকলো

News18 Assam | News18-Assam
Updated:February 29, 2020, 1:25 PM IST
যোৰহাটত এটা জানৰ অপমৃত্যু, বোকাই পুতিছে কৃষিভূমি আৰক্ষীচকী সকলো
পাহাৰত অবাধ গতিত চলিছে কয়লাৰ মুক্ত খনন । ভৈয়ামত এটা প্ৰাকৃতিক জান পাহাৰ খননৰ ফলত বৈ অহা বোকাত পোত যোৱাৰ ফলত ক্ষতিসাধন হৈছে বৃহৎ অঞ্চলৰ।

পাহাৰত অবাধ গতিত চলিছে কয়লাৰ মুক্ত খনন । ভৈয়ামত এটা প্ৰাকৃতিক জান পাহাৰ খননৰ ফলত বৈ অহা বোকাত পোত যোৱাৰ ফলত ক্ষতিসাধন হৈছে বৃহৎ অঞ্চলৰ।

  • Share this:
সমগ্ৰ দেশতে যি সময়ত পানী সংৰক্ষণৰ বাবে জনজাগৰণ সৃষ্টিৰ প্ৰয়াস চলিছে , সেই সময়তে যোৰহাটত মানুহৰ অবিবেচক কাণ্ডৰ ফলত পুতি পেলোৱা হৈছে এটি বহু পুৰণি প্ৰাকৃতিক জান। আৰু ইয়াৰ ফলত প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈ ব্যাপক সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোত। নষ্ট হৈছে খেতি–পথাৰ, গছ-গছনি।

নগাপাহাৰত চলা কয়লাৰ মুক্ত খননৰ ফলতে সংঘটিত হৈছে এই ঘটনা। যোৰহাটৰ বৰহোলাৰ নগালেণ্ড সীমান্তত থকা কেইবাখনো গাঁৱৰ বৃহৎ কৃষি ভূমি পোত গৈছে কয়লাৰ মুক্ত খননৰ ফলত পাহাৰৰ পৰা বৈ অহা বোকা মাটিত। শস্য–শ্যামলা পথাৰত  সৃষ্টি হৈছে মৰুভূমি সদৃশ পৰিৱেশৰ। আনহাতে পাহাৰৰ পৰা খহি অহা বোকা মাটিয়ে পুতি পেলালে অঞ্চলটোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বেকাজানটোও। অঞ্চলটোৰ কৃষিভূমিসমূহৰ বাবে অপৰিহাৰ্য বেকাজানেৰে পাহাৰৰ পৰা বৈ অহা কয়লাৰ গুৰি মিশ্ৰিত বোকা পানীয়ে দ’ প্ৰাকৃতিক জানটো পুতি পৰিণত কৰিলে এটা পথলৈ । 

অপমৃত্যু ঘটা জানটোৰে বৈ অহা বোকা মাটিয়ে খেতি পথাৰসমূহ পুতি পেলোৱাৰ লগতে সমীপৰ গছ গছনিসমূহৰো বিস্তৰ ক্ষতি সাধন কৰিছে। এই কয়লাৰ গুৰি মিশ্ৰিত বোকা মাটিয়ে সমীপৰ বাসগৃহ তথা বহুকেইটা ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে।

জানটো পুতি পেলোৱাৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে ভেলৌগুৰি , গোঁহাইগাঁও , গায়নবাৰী পোন্ধৰঘৰীয়া , এশঘৰীয়াকে ধৰি কেইবাখনো গাঁও । অঞ্চলটোত উপস্থিত হৈ আমিও এই দৃশ্য দেখি হতভম্ব হৈ পৰিলো । অঞ্চলটোত থকা বেকাজান আৰক্ষী চকীৰ চৌহদো পুতি পেলালে পাহাৰৰ পৰা বৈ অহা বোকা মাটিয়ে ।

বৰ্তমান পুখুৰী সদৃশ পৰিৱেশৰ মাজত দিন পাৰ কৰিছে বেকাজান আৰক্ষী চকীৰ আৰক্ষীৰ লোকসকলে। আনহাতে অঞ্চলটোৰ বাৰীসমূহত থকা বহু তামোলগছ মৰি যোৱা দেখিবলৈ পোৱা গ’ল। স্থানীয় লোকসকলে জনোৱা মতে মৃতপ্ৰায় জানটোৰ পৰা বিয়পি পৰা কয়লাৰ গুৰি মিশ্ৰিত প্ৰদূষিত পানীৰ বাবেই মৰি গৈছে তামোল গছসমূহ । কিন্তু অঞ্চলটোৰ এই ভয়ংকৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন যোৰহাট জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষ।
শীঘ্ৰে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে এইবাৰ বাৰিষা অঞ্চলটোত এই পোত যোৱা জানটোৰ ফলত পুনৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত ।
Published by: Tulika Devi
First published: February 29, 2020, 1:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি