মুখ্যপৃষ্ঠা »খবৰ »অসম »সাত কুৰি শ্বহীদ কৃষকৰ স্মৃতি ৰক্ষাৰ্থে পথৰুঘাটত কৃষি বিজ্ঞান কেন্দ্ৰ ! কৃষক শ্বহীদ দিৱসত ঘোষণা মুখ্যমন্ত্ৰীৰ ...

সাত কুৰি শ্বহীদ কৃষকৰ স্মৃতি ৰক্ষাৰ্থে পথৰুঘাটত কৃষি বিজ্ঞান কেন্দ্ৰ ! কৃষক শ্বহীদ দিৱসত ঘোষণা মুখ্যমন্ত্ৰীৰ ...

আজি ২৮ জানুৱাৰী ৷ ১৮৯৪ চনৰ আজিৰ দিনটোত শ্বহীদ হৈছিল সাত কুৰিৰো অধিক লোক ৷ দৰঙৰ পথৰুঘাটত ৰাইজমেলত আক্ৰমণ কৰি থকা সৰকা কৰিছিল অসমীয়া কৃষকক ৷ আজি সেই বিশেষ দিনটোত সেয়ে গভীৰভাৱে সোঁৱৰণ কৰা হয় সেইসকল শ্বহীদ কৃষকক ৷

  • Share this:

ইংৰাজৰ বিৰুদ্ধে পৰাধীন কালত কৃষকৰ এই বিদ্ৰোহ আছিল অনন্য ৷ সেয়ে বীৰ কৃষক সকলকৰ স্মৃতি চিৰযুগমীয়া কৰাৰ লক্ষ্যৰে পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসত উক্ত স্থানত কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এবছৰৰ ভিতৰত ব্যৱহাৰ কৰিব পৰাকৈ বিজ্ঞান কেন্দ্ৰৰ কাম কৰাৰ নিৰ্দেশ কৃষি মন্ত্ৰী অতুল বৰাক ৷ ইয়াৰ লগতে ব্ৰিটিছৰ কৰ কাতালৰ বিৰুদ্ধে যুজ দি আত্ম আহুতি দিয়া সাতকুৰি কৃষক বীৰৰ উদ্দেশ্যে নিৰ্মাণ হ'ব অত্যাধুনিক মানদণ্ডৰ তথ্য চিত্ৰ ৷ ৰাষ্ট্ৰীয় মাধ্যমত প্ৰচাৰ কৰিব পৰাকৈ হিন্দী, ইংৰাজী ভাষাত প্ৰস্তুত হ'ব তথ্য চিত্ৰখন  ৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পূৰ্বে অৰ্থাৎ ১৮৯৪ চনৰ ইংৰাজৰ বিৰুদ্ধে দিয়া এই যুঁজ প্ৰকৃততে ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যতম বিদ্ৰোহ ৷ তাৰ পিছতো আজিলৈ ৰাষ্ট্ৰীয় স্বীকৃতি নোপোৱাকলৈ হতাশ অঞ্চলবাসী তথা শ্বহীদ পৰিয়াল ৷ বছৰ বছৰ ধৰি আশা প্ৰত্যাশাৰ মাজত থকা পথৰুঘাটবাসীৰ দাবী আছিল অঞ্চলটোৰ সুকীয়া চিনাকী তথা পৰ্য্যটনৰ ক্ষেত্ৰ ৰূপ দিয়া ৷ কিন্তু এনে আশা প্ৰতিশ্ৰুতি মাথোন ঘোষণা হৈ ৰ'ল ৷ পূৰ্বৰ সৰ্বানন্দ সোনোৱাল চৰকাৰে প্ৰদান কৰা প্ৰকল্প আজিলৈ সম্পন্ন নহ'ল ৷ জনতাৰ আশা প্ৰতিশ্ৰুতি পূৰণj বাবে দিছপুৰৰ শাসন লোৱা চৰকাৰৰ ওপৰত ভাঙি পৰে অঞ্চলবাসী ৷ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দুই প্ৰতিশ্ৰুতি কিমান ৰূপায়ণ হয় সেয়া সময়তহে লক্ষণীয় হ'ব ৷ কৃষক শ্বহীদ দিৱসৰ দিনটোত শনিবাৰে শ্বহীদ স্মাৰক স্তম্ভত দেখা গ'ল বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীক ৷ সকলোৱে বীৰ শ্বহীদসকললৈ জনালে শ্ৰদ্ধাঞ্জলি ৷

শেহতীয়া বাতৰি