আজি কৃষক শ্বহীদ দিৱস।
পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ ১২৯ বছৰ। পথৰুঘাটৰ ৰণৰ শ্বহীদসকলৰ স্মৃতিত প্ৰতিবছৰে পাথৰিঘাটত পালন কৰি অহা হৈছে কৃষক শ্বহীদ দিৱস। ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া কৃষক শ্বহীদসকলক স্মৰণ কৰা হয় আজিৰ দিনটোত।
১৮৯৪ চনৰ ২৮ জানুৱাৰীত অসমৰ দৰং জিলাৰ পথৰুঘাটত স্থানীয় কৃষকসকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিছিল। প্ৰতিবাদকাৰী কৃষকৰ ওপৰত ব্ৰিটিছে গুলীচালনা কৰাৰ ফলত ১৪০জন কৃষক শ্বহীদ হৈছিল। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।
ইষ্ট ইণ্ডিয়া কোম্পানীৰ কু-শাসনৰ বিৰুদ্ধে এক ঐতিহাসিক বিদ্ৰোহ আছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহ। অসমৰ দৰং জিলাত অৱস্থিত পথৰুঘাট নামে ঠাইত ১৮৯৪ চনত স্থানীয় কৃষক ৰাইজে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত আয়োজন কৰা এখন প্ৰতিবাদী সভাত ব্ৰিটিছে প্ৰতিবাদকাৰী কৃষকসকলক ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিছিল। এই গুলীচালনাত শ্বহীদ হৈছিল ১৪০জন কৃষক। পথৰুঘাটত ঘটা এই ঘটনাক বুৰঞ্জীত ‘পথৰুঘাটৰ ৰণ’ হিচাবে জনা যায়।
ব্ৰিটিছৰ সঘন খাজনা বৃদ্ধিত অতীষ্ঠ হৈছিল কৃষকসকল। খাজনাৰ পৰিমাণে তেওঁলোকক জুৰুলা কৰি তুলিছিল। খাজনাৰ ভাৰ সহিব নোৱাৰা কৃষকসকলৰ বুকুত ব্ৰিটিছৰ বিৰুদ্ধে উমি উমি জ্বলিছিল বিদ্ৰোহৰ জুই। কৃষকসকলৰ মাজত অনুষ্ঠিত হৈছিল ৰাইজমেল। আৰু অৱশেষত ৰাইজমেলত ব্ৰিটিছক খাজনা নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছিল কৃষকসকলে। প্ৰয়োজন হ’লে ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলৈ সাজু হৈছিল।
১৮৯৪ চনৰ ২৮ জানুৱাৰীত পথৰুঘাটত ব্ৰিটিছৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত অনুষ্ঠিত হৈছিল বিশাল ৰাইজমেল। পথৰুঘাট অঞ্চলৰ হাজাৰ হাজাৰ লোক গোট খাইছিল এই ৰাইজমেলত। ৰাইজমেল চলি থাকোতেই সেই স্থানত উপস্থিত হৈছিল ব্ৰিটিছ বাহিনী। ইংৰাজ বিষয়াসকলে কোনোপধ্যেই খাজনা কমোৱা নহ’ব বুলি ঘোষণা কৰাত কৃষক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। আৰু তেতিয়াই চৰকাৰী আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। যাৰ ফলত শ্বহীদ হয় ১৪০জন কৃষক। শতাধিক লোক আহত হৈছিল এই ঘটনাত।
ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে সাহসেৰে যুঁজি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা বীৰ কৃষকৰ স্মৃতি বিজড়িত ইতিহাসৰ পৱিত্ৰ ভূমি পথৰুঘাট। এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন মাত্ৰা প্ৰদান কৰিছিল। পথৰুঘাটৰ কৃষক ৰাইজৰ এই চৰম ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায়।
কৃষক শ্বহীদ দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনালে শ্ৰদ্ধাঞ্জলি। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘‘ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে সাহসেৰে যুঁজি দেশপ্ৰেমৰ অপূর্ব নিদৰ্শন দাঙি ধৰা বীৰ কৃষকৰ সংগ্ৰামী চেতনা বিজড়িত ইতিহাসৰ পৱিত্ৰ ভূমি পথৰুঘাট। দৰং জিলাৰ এই পথৰুঘাটত আজিৰ দিনটোতে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া কৃষক শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 28, 2023, 15:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|