চাপৰমুখ ষ্টেচনত আহুকালৰ সন্মুখীন বহিঃৰাজ্যৰ পৰা অহা ডিমা-হাচাওৰ এইসকল যাত্ৰী

News18 Assam | News18-Assam
Updated:May 22, 2020, 9:16 PM IST
চাপৰমুখ ষ্টেচনত আহুকালৰ সন্মুখীন বহিঃৰাজ্যৰ পৰা অহা ডিমা-হাচাওৰ এইসকল যাত্ৰী
দীঘলীয়া ৰে’ল যাত্ৰা কৰি ঘূৰি অহা ডিমা হাচাও জিলাৰ যাত্ৰীসকলে জীয়াতু ভুগিব লগা হৈছে।

দীঘলীয়া ৰে’ল যাত্ৰা কৰি ঘূৰি অহা ডিমা হাচাও জিলাৰ যাত্ৰীসকলে জীয়াতু ভুগিব লগা হৈছে।

  • Share this:
বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অসমলৈ ঘূৰি অহা যাত্ৰীসকলৰ বাবে অসমৰ প্ৰায়বোৰ জিলা প্ৰশাসনেই বাছৰ ব্যৱস্থা কৰিছে যদিও ডিমা-হাচাও জিলা প্ৰশাসনৰ চৰম অনীহাৰ বাবেই বৰ্তমান ব্যাপক কষ্টৰ সন্মুখীন হৈছে বহিঃৰাজ্যৰ পৰা ডিমা হাচাওলৈ ঘূৰি অহা যাত্ৰীসকলে। বহিঃৰাজ্যৰ পৰা চাপৰমুখ ৰে’ল ষ্টেচনত উপস্থিত হোৱা নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ যাত্ৰীসকলক সংশ্লিষ্ট জিলাসমূহৰ জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ অন্তত লগে লগে নিজ জিলালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে যদিও ডিমা হাচাও জিলা প্ৰশাসনে এইক্ষেত্ৰত চৰম গাফিলতি কৰা পৰিলক্ষিত হৈছে।

পৰিণতিত দীঘলীয়া ৰে’ল যাত্ৰা কৰি ঘূৰি অহা ডিমা হাচাও জিলাৰ যাত্ৰীসকলে জীয়াতু ভুগিব লগা হৈছে। শুকুৰবাৰে দিনৰ ১১ বজাতো চেন্নাইৰ পৰা ডিমা হাচাওলৈ অহা যাত্ৰীসকলক বৰ্তমান বাতৰি লিখাৰ পৰলৈকে উভতাই নিয়াৰ ব্যৱস্থা কৰা নাই ডিমা-হাচাও জিলা প্ৰশাসনে। ফলস্বৰূপে ৰেলৱে প্লেটফৰ্মতে অনাহাৰে প্ৰায় ১০ৰ পৰা ১২ ঘণ্টা সময় যাত্ৰী সকলে পাৰ কৰিব লগা হৈছে। ডিমা হাচাও জিলা প্ৰশাসনে জিলা খনৰ যাত্ৰীসকলৰ প্ৰতি কৰা আচৰণে ক্ষুদ্ধ কৰি তুলিছে সকলোকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading