உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ২৩ জানুৱাৰীত উজনিৰ ৰাজপথত নচলিব নেকি যাত্ৰীবাহী যান-বাহন!

    ২৩ জানুৱাৰীত উজনিৰ ৰাজপথত নচলিব নেকি যাত্ৰীবাহী যান-বাহন!

    এই বিশাল জনসভাৰ বাবেই অহা ২৩ জানুৱাৰীত উজনি অসমৰ ৰাজপথত দেখিবলৈ পোৱা নাযাব যাত্ৰীবাহী যান–বাহনৰ চলাচল।

    এই বিশাল জনসভাৰ বাবেই অহা ২৩ জানুৱাৰীত উজনি অসমৰ ৰাজপথত দেখিবলৈ পোৱা নাযাব যাত্ৰীবাহী যান–বাহনৰ চলাচল।

    এই বিশাল জনসভাৰ বাবেই অহা ২৩ জানুৱাৰীত উজনি অসমৰ ৰাজপথত দেখিবলৈ পোৱা নাযাব যাত্ৰীবাহী যান–বাহনৰ চলাচল।

    • Share this:
    অহা ২৩ জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথাৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২–৩ লাখ লোকৰ সমাৱেশ ঘটিবলগা এই সভালৈ মানুহ আনিবলৈ প্ৰয়োজন হ’ব বিপুল পৰিমাণৰ গাড়ীৰ। সেয়েহে এই দিনটোত উজনিৰ ৰাজপথত যাত্ৰীবাহী যান-বাহনৰ চলাচল একপ্ৰকাৰ শূন্য হৈ পৰাটো নিশ্চিত হৈ পৰিছে। প্ৰথমে যোৰহাটৰ JISTৰ চৌহদত এই জনসভা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ২–৩ লাখ লোকৰ সমাৱেশ ঘটাৰ লক্ষ্য বান্ধি দিয়াত পিছত এই স্থান শিৱসাগৰৰ জেৰেঙা পথাৰত নিৰ্দিষ্ট কৰা হয়।

    এই বিশাল জনসভাৰ বাবেই অহা ২৩ জানুৱাৰীত উজনি অসমৰ ৰাজপথত দেখিবলৈ পোৱা নাযাব যাত্ৰীবাহী যান–বাহনৰ চলাচল। কাৰণ সেইদিনা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰৰ জেৰেঙা পথাৰত এক বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। উজনি অসমৰ বিভিন্ন স্থানৰ পৰা এই সভালৈ যাবলৈ ইতিমধ্যে প্ৰায়বোৰ গাড়ীয়েই ভাড়া অথবা অধিগ্ৰহণ কৰা হৈছে। বিজেপিৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়া মতে যান-বাহন থকা হ’লে এই সভাত দহ লাখ লোকৰ সমাৱেশ হ’লহেঁতেন। কিন্তু ইমান সংখ্যক লোকক অনা–নিয়া কৰিবলৈ যান বাহনৰ অভাৱ হোৱা বাবে এই সভালৈ ২–৩ লাখ লোকৰ আগমন ঘটিব বুলি জানিবলৈ দিছে সাংসদদ্বয় তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাচাই। ইমান বৃহৎ সংখ্যক লোক শিৱসাগৰৰ সভাস্থলীলৈ যাবলৈ বিজেপিৰ মণ্ডল তথা বুথ কমিটীসমূহৰ দ্বাৰা বিভিন্ন গাড়ী ভাড়া কৰা হৈছে বুলি জানিবলৈ দিয়ে সাংসদদ্বয়ে। সেয়েহে উক্ত দিনটোত উজনি অসমৰ ৰাজপথত চলাচল কৰা প্ৰায়সংখ্যক যাত্ৰীবাহী গাড়ীয়েই এই অনুষ্ঠানলৈ যাবলৈ ভাড়া কৰাটো নিশ্চিত হৈ পৰিছে। গতিকে ২৩ জানুৱাৰীত উজনিৰ ৰাজপথত চকাবন্ধ সদৃশ এক পৰিৱেশৰ সৃষ্টি হোৱাটো নিশ্চিত।

    "প্ৰধানমন্ত্ৰীগৰাকীৰ সভালৈ আহিবলৈ বহু লোকে অপেক্ষা কৰি আছে। চৰকাৰীভাৱে আমি বেছি লোকৰ বাবে যাতায়াতৰ ব্যৱস্থা কৰি দিব নোৱাৰো। সেয়েহে ৰাইজে নিজে গাড়ী ভাড়া কৰি হ’লেও এই সভালৈ আহিব। বিজেপিৰ মণ্ডল আৰু বুথ কমিটীসমূহৰ পৰা ইতিমধ্যে গাড়ী ভাড়া কৰা হৈছে। গাড়ী উপলব্ধ হোৱা হ’লে আমাৰ লক্ষ্য আছিল দহ লাখ লোক। কিন্তু এতিয়া ২–৩ লাখ লোকৰ আগমন ঘটিব সভালৈ।", সাংসদ কামাখ্যা প্ৰসাদ তাছাই এনেদৰে কয়।

    আনহাতে শিৱসাগৰলৈ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ একাংশ সংগঠনে বিৰোধিতা কৰা ঘটনাক নুই কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনলৈ অগনন লোকে আগ্ৰহেৰে বাট চাই আছে বুলি জানিবলৈ দিছে সাংসদ তপন কুমাৰ গগৈয়ে।

    "তেনেকুৱা কোনো কথা নাই। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী শিৱসাগৰলৈ আহিব। ইয়াক লৈ আমি সকলোৱে গৌৰৱবোধ কৰিব লাগে।", সাংসদ তপন গগৈয়ে এনেদৰে কয়।

    আনহাতে শিৱসাগৰৰ জেৰেঙা পথাৰৰ সমীপত উক্ত দিনটোত সভা শেষ হোৱাৰ পিছত  এ টি ৰোডত হাজাৰ হাজাৰ গাড়ীৰে ভয়ংকৰ যানজঁটৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে। ইয়াৰ পূৰ্বে বগীবিল দলং মুকলি কৰিবলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীৰ অনুষ্ঠানৰ পিছত ৰাজপথত নিশা প্ৰায় ১–২ বজালৈকে বহু দীঘলীয়া যানজঁটৰ সৃষ্টি হৈছিল।
    Published by:Sanjay Kumar Das
    First published: