உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰঙিয়া ষ্টেচনত উত্তপ্ত পৰিস্থিতি, ঘৰলৈ যাবলৈ বাছ নাপাই ক্ষোভ দুই শতাধিক ৰে’লযাত্ৰীৰ

    ৰঙিয়া ষ্টেচনত উত্তপ্ত পৰিস্থিতি, ঘৰলৈ যাবলৈ বাছ নাপাই ক্ষোভ দুই শতাধিক ৰে’লযাত্ৰীৰ

    ওদালগুৰিৰ দায়িত্বশীল বিষয়াৰ হেমাহিৰ বাবে ৮ ঘণ্টালৈকে ৰঙিয়াত বাছ উপস্থিত নোহোৱাত যাত্ৰীসকল অতিষ্ঠ হৈ পৰে।

    ওদালগুৰিৰ দায়িত্বশীল বিষয়াৰ হেমাহিৰ বাবে ৮ ঘণ্টালৈকে ৰঙিয়াত বাছ উপস্থিত নোহোৱাত যাত্ৰীসকল অতিষ্ঠ হৈ পৰে।

    ওদালগুৰিৰ দায়িত্বশীল বিষয়াৰ হেমাহিৰ বাবে ৮ ঘণ্টালৈকে ৰঙিয়াত বাছ উপস্থিত নোহোৱাত যাত্ৰীসকল অতিষ্ঠ হৈ পৰে।

    • Share this:
      ৰঙিয়া ষ্টেচনত ৰে’ল যাত্ৰীৰ মাজত হাহাকাৰ। বাংগালুৰুৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছৰ দুই শতাধিক যাত্ৰীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। ওদালগুৰিৰ এইসকল যাত্ৰীয়ে নিজ গৃহলৈ যোৱাৰ বাবে বাছ নাপাই ক্ষুব্ধ হৈ পৰে। শ্ৰমিক এক্সপ্ৰেছত অহা এইসকল যাত্ৰীয়ে সোমবাৰে পুৱা ৪ বজাত ৰঙিয়া ষ্টেচনত নামে। নিয়ম অনুসৰি প্ৰশাসনে এইসকল যাত্ৰীক লগে লগে বাছযোগে ওদালগুৰিলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু ওদালগুৰিৰ দায়িত্বশীল বিষয়াৰ হেমাহিৰ বাবে ৮ ঘণ্টালৈকে ৰঙিয়াত বাছ উপস্থিত নোহোৱাত যাত্ৰীসকল অতিষ্ঠ হৈ পৰে।

      প্ৰশাসনে পুৱাৰ পৰা দুপৰীয়ালৈকে মাত্ৰ এপেকেট বিস্কুট দিয়াত ভোকে-পিয়াহে দুৰ্ভোগ ভুগিব লগা হয় যাত্ৰীসকল। ক্ষুব্ধ যাত্ৰীসকলে চৰকাৰবিৰোধী শ্লোগানেৰে ষ্টেচন চৌহদ উত্তাল কৰি তোলে। যাত্ৰীসকলে ক্ষোভতে নিজেই ব্যৱস্থা কৰি যাবলৈ ওলোৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰে। পিছত আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
      Published by:Sanjay Kumar Das
      First published: