মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাজুলী বহুদূৰ, পাৰাপাৰ হ'বলৈ ওৰেনিশা মহৰ কামোৰ খাই জাহাজৰ অপেক্ষা যাত্ৰীৰ

মাজুলী বহুদূৰ, পাৰাপাৰ হ'বলৈ ওৰেনিশা মহৰ কামোৰ খাই জাহাজৰ অপেক্ষা যাত্ৰীৰ

News18 Assam | News18-Assam
Updated:September 12, 2021, 2:56 PM IST
মাজুলী বহুদূৰ, পাৰাপাৰ হ'বলৈ ওৰেনিশা মহৰ কামোৰ খাই জাহাজৰ অপেক্ষা যাত্ৰীৰ
কমলাবাৰী ঘাট, নিমাতীঘাট, অফলামুখঘাটত দেখা গৈছে যাত্ৰীৰ প্ৰচণ্ড ভিৰ।

কমলাবাৰী ঘাট, নিমাতীঘাট, অফলামুখঘাটত দেখা গৈছে যাত্ৰীৰ প্ৰচণ্ড ভিৰ।

  • News18 Assam
  • Last Updated: September 12, 2021, 2:56 PM IST
  • Share this:

নিমাতীঘাটৰ দুৰ্ঘটনাই চৰকাৰৰ জল পৰিবহণ ব্যৱস্থাৰ স্বৰূপ পোহৰলৈ আনিছিল। ইমানদিনে জোৰা–টাপলি মৰা ব্যৱস্থাৰে যাত্ৰীৰ চাহিদা পূৰণ কৰি থকা চৰকাৰে এতিয়া যাত্ৰী অনুপাতে যোগান ধৰিব পৰা নাই উপযুক্ত জাহাজ। এনে কাৰণতে মাজুলী–যোৰহাট যাত্ৰাৰ বাবে যাত্ৰীয়ে ইটো ঘাটৰ পৰা সিটো ঘাটলৈ টিকট বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।


কমলাবাৰী ঘাট, নিমাতীঘাট, অফলামুখঘাটত দেখা গৈছে যাত্ৰীৰ প্ৰচণ্ড ভিৰ। এনে অৱস্থাত লাইন পাতি টিকট সংগ্ৰহ কৰি যাত্ৰা সুনিশ্চিত কৰিবলগীয়া হৈছে লোকসকলে। আৰু ভাগ্য যদি সুপ্ৰসন্ন নহয়, তেন্তে নিশাটো ঘাটৰ পাৰতে মহৰ কামোৰ খাই পাৰ কৰিবলগীয়া হৈছে। কালি নিশা এনেদৰে বহুকেইগৰাকী লোকে ফেৰীৰ অভাৱত ঘাটতে নিশাটো পাৰ কৰাবলগীয়া হয়।


ভোকে–পিয়াহে নিশা কটোৱা এই যাত্ৰীসকলে পিছদিনা আহিবলগীয়া ৰ'পেক্স জাহাজৰ অপেক্ষাত ৰৈ থাকে। অফলামুখ ঘাটত ম'হৰ কামোৰ খাই নিশা কটোৱা এগৰাকী যাত্ৰীৰ ভাষ্য মতে, তেওঁ দিনৰ ১১ বজাৰ পৰা জাহাজৰ অপেক্ষাত থাকে যদিও জাহাজ নাপালে। শেষত তেওঁ প্ৰশাসনক অৱগত কৰাই যদিও প্ৰশাসনে এইক্ষেত্ৰত নীতিৰ দোহাই দি তেওঁলোকক অপেক্ষা কৰাৰ বাহিৰে অন্য উপায় নাই বুলি উল্লেখ কৰে।



শেষত উপায়হীন এই লোকসকলে মহ খেদি খেদি নিশাটো পাৰ কৰিবগীয়া হয়। উল্লেখ্য, নাও দুৰ্ঘটনাৰ পিছত চৰকাৰে এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল বন্ধ কৰাৰ পিছত এতিয়া যাত্ৰী অনুপাতে চৰকাৰে যোগান ধৰিব পৰা নাই উপযুক্ত জাহাজ, যাৰ বাবে ঘাটত দেখা গৈছে ভীষণ ভিৰ।

Published by: Gautam Barman
First published: September 12, 2021, 2:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি