• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid SOP Violation : ১০০০ টকা ভাৰা,  ৪২ গৰাকী যাত্ৰী; গুৱাহাটীলৈ আহি আছিল এখন বাছ, তাৰ পাছত কি হ'ল...

Covid SOP Violation : ১০০০ টকা ভাৰা,  ৪২ গৰাকী যাত্ৰী; গুৱাহাটীলৈ আহি আছিল এখন বাছ, তাৰ পাছত কি হ'ল...

নীতিবহিৰ্ভূতভাৱে যাত্ৰীবাহী বাছ চলাচল অব্যাহত ৰাখি দুগুণ ভাৰা আদায় কৰা পৰিলক্ষিত হৈছে বঙাইগাঁৱত।

নীতিবহিৰ্ভূতভাৱে যাত্ৰীবাহী বাছ চলাচল অব্যাহত ৰাখি দুগুণ ভাৰা আদায় কৰা পৰিলক্ষিত হৈছে বঙাইগাঁৱত।

নীতিবহিৰ্ভূতভাৱে যাত্ৰীবাহী বাছ চলাচল অব্যাহত ৰাখি দুগুণ ভাৰা আদায় কৰা পৰিলক্ষিত হৈছে বঙাইগাঁৱত।

  • Share this:
ৰাজ্যত আন্তঃজিলা যাতায়ত বন্ধ থকাৰ সময়তে যাতায়তৰ নামত আন এক দুষ্টচক্ৰ সক্ৰিয় হোৱা দেখা গৈছে ৷ নীতিবহিৰ্ভূতভাৱে যাত্ৰীবাহী বাছ চলাচল অব্যাহত ৰাখি দুগুণ ভাৰা আদায় কৰা পৰিলক্ষিত হৈছে বঙাইগাঁৱত। আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এনে তথ্য ৷

বঙাইগাঁৱত কোভিড প্ৰট'কল অমান্য কৰি যাত্ৰীৰ পৰা দুগুণ ভাৰা আদায় কৰি চলি আছে যাত্ৰীবাহী বাছ ৷ আন্তঃজিলা যাতায়াত বন্ধৰ সময়ছোৱাত একাংশ অসাধু বাছৰ মালিকে প্ৰশাসনৰ চকুত ধুলি দি কোভিড বিধি ভংগ কৰি চলাই আছে ৰমৰমীয়া ব্যৱসায় ৷ বঙাইগাঁৱৰ বইটামাৰী আৰক্ষীয়ে অভিযান চলাই  AS-17-C-4986 নম্বৰৰ ষ্টাৰ বাছখন কৰায়ত্ত কৰে ৷ ধুবুৰীৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাতে বাছখন ধৰা পেলায় আৰক্ষীয়ে ৷ বাছখনত মুঠ ৪২জন যাত্ৰী আছিল আৰু প্ৰতিজন যাত্ৰীৰ পৰা এক হাজাৰৰো অধিক ভাড়া লৈ গুৱাহাটী অভিমুখে গৈ থাকোতেই আৰক্ষীৰ জালত পৰে বাছখন ৷

উল্লেখ্য বাছখন ৰিজাৰ্ভ বুলি বেনাৰ লগাই প্ৰশাসনৰ বিনা অনুমতিত যাত্ৰা কৰি আছিল ৷ আনহাতে গাড়ীখনত আৰি দিয়া প্ৰশাসনৰ অনুমতি পত্ৰখনৰো ম্যাদ উকলি যোৱা পৰিলক্ষিত হয় ৷ ভূৱা নথি পত্ৰৰে কোভিড বিধি উলংঘা কৰি এইদৰে এটা চক্ৰই ৰাজ্যত বাছ চলাচল অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷
Published by:Manjumoni Borah
First published: