মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Dhubri Water Ways : ধুবুৰীত হাজাৰ হাজাৰ জলপথৰ যাত্ৰীৰ হাহাকাৰ, হঠাৎ ছিংগল ইঞ্জিন নাও বন্ধ কৰি দিয়াত যোগমায়া পাৰঘাটত উত্তপ্ত পৰিস্থিতি

Dhubri Water Ways : ধুবুৰীত হাজাৰ হাজাৰ জলপথৰ যাত্ৰীৰ হাহাকাৰ, হঠাৎ ছিংগল ইঞ্জিন নাও বন্ধ কৰি দিয়াত যোগমায়া পাৰঘাটত উত্তপ্ত পৰিস্থিতি

News18 Assam | News18-Assam
Updated:September 14, 2021, 5:25 PM IST
Dhubri Water Ways : ধুবুৰীত হাজাৰ হাজাৰ জলপথৰ যাত্ৰীৰ হাহাকাৰ, হঠাৎ ছিংগল ইঞ্জিন নাও বন্ধ কৰি দিয়াত যোগমায়া পাৰঘাটত উত্তপ্ত পৰিস্থিতি
যাত্ৰীৰ অভিযোগ, কোনো ধৰণৰ জাননী নিদিয়াকৈ লেচীয়ে বন্ধ কৰিছিল জল পৰিবহণ।

যাত্ৰীৰ অভিযোগ, কোনো ধৰণৰ জাননী নিদিয়াকৈ লেচীয়ে বন্ধ কৰিছিল জল পৰিবহণ।

  • News18 Assam
  • Last Updated: September 14, 2021, 5:25 PM IST
  • Share this:
অসমৰ সৰ্ববৃহৎ জল পৰিবহণ ব্যৱস্থা হৈছে ধুবুৰীৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা, মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলা আৰু গোৱালপাৰা জিলাৰ এটা বৃহৎ অঞ্চল। উক্ত অঞ্চলত জল পৰিবহণৰ বাহিৰে আন কোনো যোগাযোগ মাধ্যম নথকাৰ ফলত যাত্ৰা যিমানেই বিপদশংকুল নহওক কিয় বছৰ বছৰ ধৰি ছিংগল ইঞ্জিন (Single Engine Boat) নাৱে যাতায়াতৰ একমাত্ৰ ভৰসা হিচাপে পৰিগণিত হৈছে।

ইয়াৰ উপৰি ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মধ্যৱৰ্তী স্থান অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ সোঁমাজৰ চৰাঞ্চলসমূহৰ যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে ছেলো নাও ( Engine Fitted Boat ) অৰ্থাৎ ভটভটী। তেনেক্ষেত্ৰত উক্ত যোগাযোগ ব্যৱস্থাই অঞ্চলসমূহৰ ৰাইজৰ ব্যৱসায় বাণিজ্য, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত দেশৰ আন প্ৰান্তৰ লগত যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে চলি আছে। কিন্তু প্ৰায় এসপ্তাহ পূৰ্বে নিমাতীঘাটত হোৱা ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ ফলত চৰকাৰে তাৎক্ষণিকভাৱে একক যন্ত্ৰচালিত নাও বন্ধ কৰি দিয়াত চাৰিওফালে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

তেনে এক পৰিস্থিতিত সোমবাৰে ধুবুৰীৰ যোগমায়া পাৰঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

মানকাচৰ, হাটশিঙিমাৰী, মলাখাৱা, সুখচৰ, ফকিৰগঞ্জ, জলেশ্বৰ, ফুলবাৰী, টুমনি, আইৰকাটা আদি অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ হাজাৰ হাজাৰ যাত্রী আবদ্ধ হৈ পৰে  ধুবুৰীৰ যোগমায়া পাৰঘাটত। যাত্ৰীৰ অভিযোগ, কোনো ধৰণৰ জাননী নিদিয়াকৈ লেচীয়ে বন্ধ কৰিছিল জল পৰিবহণ। ফলত পুৱা ধুবুৰীলৈ আহি ঘৰলৈ উভতি যাব নোৱাৰি  ক্ষুব্ধ হৈ পৰিছিল নদীপথৰ হাজাৰ হাজাৰ লোক।

অৱশেষত ধুবুৰী জিলা উপায়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ আবদ্ধ হোৱা কেইবাশতাধিক যাত্ৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি তাৎক্ষণিকভাৱে  দক্ষিণ পাৰৰ বিভিন্ন স্থান লৈ বেচৰকাৰী লঞ্চসমূহ সোমবাৰে আবেলি  যাবলৈ অনুমতি প্রদান কৰে। পিছত দক্ষিণপাৰৰ হাটশিঙিমাৰী, ফুলবাৰী, সুখচৰ, মণিৰচৰ , জলেশ্বৰ, ফকিৰগঞ্জ পাৰঘাটলৈ ৰাওনা হয় লঞ্চসমূহ।

দক্ষিণ পাৰৰ বিভিন্ন পাৰঘাটৰ পৰা ৫খন লঞ্চ ধুবুৰীৰ যোগমায়া ঘাটলৈ আহিছিল সোমবাৰে পুৱাৰ ভাগত। পিছত উপায়ুক্তই যাত্ৰীৰ সংখ্যা অধিক প্ৰত্যক্ষ কৰাত আৰু দুখন লঞ্চ বৃদ্ধি কৰি  মুঠ ৭খন লঞ্চ ধুবুৰীৰ পৰা দক্ষিণ পাৰৰ বিভিন্ন পাৰঘাটলৈ যাবলৈ দিয়ে। উক্ত ঘটনাৰ পিছত এটা কথা স্পষ্ট হৈ পৰিছে যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জলপথত যোগাযোগৰ জিলাকেইখনৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱতে এনে ধৰণৰ ঘটনা হ’বলৈ পাইছে বুলি বহুতেই কব বিচাৰে।

উল্লেখযোগ্য যে অসমৰ সৰ্ববৃহৎ ধুবুৰী জলপথত প্ৰতিদিনে সৰু–বৰ মিলাই প্ৰায় ৯৫০খন যন্ত্ৰচালিত নাও চলাচল কৰে। কিন্তু উক্ত নাওসমূহৰ লাইচেঞ্চ আজি তিনি বছৰে নবীকৰণ নোহোৱাৰ ফলত এখন নাৱতো যাত্ৰী সুৰক্ষাৰ কোনো ব্যৱস্থা নাই। ফলত বিপজ্জনকভাৱে ভৰ বাৰিষাত ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰে ধুবুৰীৰ জল পৰিবহণ ব্যৱস্থা।

স্থানীয় নাৱৰ মালিক তথা লেচীয়ে অভিযোগ কৰা মতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগে  (IWT) বছৰ বছৰ ধৰি লাইচেঞ্চ নবীকৰণৰ কাম বন্ধ ৰাখিছে। উক্ত বিষয়ত ধুবুৰীত কৰ্মৰত IWTৰ কৰ্মচাৰীয়ে কেৱল নাৱৰ যাত্ৰীৰ হিচাপৰ বাহিৰে আন একো কাম নাই বুলি উল্লেখ কৰে।

আনহাতে, ধুবুৰীৰ লগত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ  ইমান বৃহৎ এটা জলপথত মাত্ৰ এখন ৰোপেক্স জাহাজ চলাই কিদৰে ভবিষ্যতে যাত্ৰীৰ চাহিদা পূৰণ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে দুয়োপাৰৰ সাধাৰণ ৰাইজ। কাৰণ বৰ্তমানে ধুবুৰী-ফকিৰগঞ্জ জলপথত এখন মাত্ৰ ৰোপেক্স চলাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি পূৰ্বে ধুবুৰী-হাটশিঙিমাৰীৰ মাজত চলাচল কৰা ৰো ৰো জাহাজখন এবছৰে বিকল হৈ থকাৰ উপৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পাচঁখন জাহাজ বিকল হৈ পৰি আছে। তেনেক্ষেত্ৰত কোনো বিকল্প ব্যৱস্থা নকৰাকৈ হঠাৎ ছিংগল ইঞ্জিনৰ নাও চলাচল বন্ধ কৰি দিয়া সিদ্ধান্ত কিমান বাস্তৱসন্মত হৈছে তাক লৈ প্ৰশ্ন কৰিছে বহুজনে।
Published by: Sanjay Kumar Das
First published: September 14, 2021, 5:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি