• Home
  • »
  • News
  • »
  • assam
  • »
  • আঁকোৰ গোঁজ ৰাজেন গোহাঁই! ক’লে- মোক বঢ়মপুৰ অথবা নগাঁৱত টিকট লাগিবই

আঁকোৰ গোঁজ ৰাজেন গোহাঁই! ক’লে- মোক বঢ়মপুৰ অথবা নগাঁৱত টিকট লাগিবই

  • Share this:
দলীয় সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে শাসকীয় বিজেপি দলত। ২০২১ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে সেই কথা পুনৰ স্পষ্ট হৈছে। শণিবাৰে নগাঁৱৰ নিজা বাসভৱনত সংবাদ মেল আয়োজন কৰি নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সমালোচনাৰে থকা-থৰকা প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ।

উল্লেখযোগ্য যে, চাৰিবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা জ্যেষ্ঠ বিজেপি নেতা গৰাকীয়ে বিগত ২০১৯চনৰ লোকসভা নিৰ্বাচনত নাৰী কেলেংকাৰীৰ গোচৰত অভিযোগত অভিযুক্ত হৈ টিকটৰ পৰা বঞ্চিত হৈছিল। অৱশ্যে পিছত আদালতে তেঁওক সেই গোচৰৰ পৰা ক্লীনশ্বীট প্ৰদান কৰিছিল যদিও তেওঁৰ স্থানত বিজেপিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক দলীয় টিকট প্ৰদান কৰিছিল।

ইয়াৰ পিছতে ৰাজেন গোহাঁই আৰু ৰূপক শৰ্মাৰ মাজত সংঘাত স্পষ্ট হৈ পৰিছিল। আনকি একাংশই বিগত নিৰ্বাচনত ৰাজেন গোহাঁইয়ে ৰূপক শৰ্মাৰ বিৰোধিতা কৰাৰো অভিযোগ উত্থাপন কৰিছিল। কিন্তু এতিয়া লাহে লাহে এই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা দেখা গৈছে। আজি পুনৰ নগাঁৱৰ নিজা বাসভৱনত এক সংবাদমেলৰ আয়োজন কৰি ৰূপক শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰাজেন গোহাঁইয়ে।

নগাঁও সদৰ সমষ্টিত বিগত ৪ বছৰত হোৱা উন্নয়নমূলক কাম-কাজ তেওঁৰ উদ্যোগতহে হৈছে বুলি দাবী কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। আনহাতে বঢ়মপুৰ অথবা নগাঁৱত মোক টিকট লাগিবই বুলি আঁকোৰগোঁজ স্থিতি লৈছে ৰাজেন গোহাঁইয়ে। উল্লেখযোগ্য যে, ২১ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী থকা অৱস্থাত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই ভূমিকাৰ পৰা প্ৰমাণ হৈছে অনাগত নিৰ্বাচনত কংগ্ৰেছৰ সমানে সমানে বিজেপিও প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ দিশে অগ্ৰসৰ হৈছে। ইপিনে ৰাজেন গোহাঁইৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়াৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।
First published: