বিজেপিত এতিয়া সম্পূৰ্ণ ৰূপে এলাগী নেকি প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ? বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত স্থান নোপোৱা শিলাদিত্য দেৱে ভাগ লোৱা নাই উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত। কাৰণ দলে বিচৰা নাই তেওঁক। শনিবাৰে এই কথা নিজ মুখে স্বীকাৰ কৰিলে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়কজনে।
শিলাদিত্য দেৱ সঁচাকৈ বিজেপিত উপেক্ষিত নেকি? বিজেপিৰ বিধায়কৰ টিকট দূৰৰ কথা, এতিয়া ৰাজ্যিক কাৰ্য্যনিৰ্বাহকতে স্থান নাই ৩৫ বছৰীয়া পুৰণি বিজেপি নেতাগৰাকীৰ। দীঘলীয়া ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ তালিকাত স্থান নপোৱা শিলাদিত্য দেৱ এতিয়া বিজেপিৰ বাবে এগৰাকী এলাগী নেতা। দলৰ একো দায়িত্ব নপোৱা হোজাইৰ প্ৰাক্তন বিধায়কগৰাকীয়ে উপ-নিৰ্বাচনৰো প্ৰচাৰৰ বাবে দলীয় কোনো দায়িত্ব পোৱা নাই।
এই ক্ষেত্ৰত আক্ষেপেৰে শিলাদিত্য দেৱে নিউজ১৮ক জনাই যে, 'আগতে মই ইণ্ডিয়াৰ হৈ খেলিছিলো, এতিয়া বেঞ্চত বহি আছো। প্ৰশিক্ষকে দলৰ কাৰণে মোক যোগ্য বুলি ভৱা নাই।'
ইফালে ডঃ নগেন শইকীয়াই বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰিবলৈ যি পৰামৰ্শ আগবঢ়াইছে, এই ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰিছে শিলাদিত্যই। শিলাদিত্যৰ মতে, বৰাক পৃথকহৈ গ'লে ইছলামিক ফাণ্ডামেণ্টেলিক গ্ৰুপৰ লাভ হ'ব। '
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|