এইবাৰ টোলগেটে অৱৰোধ কৰিলে NHPCলৈ যন্ত্ৰাংশ কঢ়িওৱা ট্ৰাক, তিনিদিনে আৱদ্ধ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত

News18 Assam | News18-Assam
Updated:November 6, 2020, 1:55 PM IST
এইবাৰ টোলগেটে অৱৰোধ কৰিলে NHPCলৈ যন্ত্ৰাংশ কঢ়িওৱা ট্ৰাক, তিনিদিনে আৱদ্ধ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত
তিনিদিন পূৰ্বেই আহি পথালি পাহাৰত চকা নুঘুৰা হ'ল ট্ৰেইলাৰৰ।

তিনিদিন পূৰ্বেই আহি পথালি পাহাৰত চকা নুঘুৰা হ'ল ট্ৰেইলাৰৰ।

  • Share this:
দল–সংগঠনৰ প্ৰতিবাদে নহয়, এইবাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িওৱাত বিধি পথালি দিছে টোলগেটে। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট মুকলি হোৱাই নাই, তাতেই লাগিল পইমাল। বৃহৎ যন্ত্ৰাংশ পাৰ হৈ নাযায় লখিমপুৰৰ পথালি পাহাৰৰ টোলগেটেৰে। কাৰণ টোলগেট ঠেক, যন্ত্ৰাংশ বহল।

তিনিদিন পূৰ্বেই আহি পথালি পাহাৰত চকা নুঘুৰা হ'ল ট্ৰেইলাৰৰ।  চালকে অপেক্ষা কৰিছে গন্তব্য স্থান পাবলৈ। যদিহে টোলগেট ভাঙে পাৰ হ’ব ট্ৰেইলাৰ। কিন্তু মুকলি নোহোৱা  টোলগেট  ভাঙিবলৈ নিদিয়ে ঠিকাদাৰ ভাগ্য কলিতাই। কাৰণ গড়কাপ্তানী বিভাগক হস্তান্তৰ কৰা হোৱা নাই টোলগেট। উপায়হীন হৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই আলোচনা কৰিছে গড়কাপ্তানী বিভাগৰে।
Published by: Sanjay Kumar Das
First published: November 6, 2020, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি