মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Marine Aids To Navigation Bill: ৯০ বছৰ পুৰণি আইন সলনিৰে সৰ্বানন্দ সোণোৱালে উত্থাপন কৰা নতুন আইন সংসদত গৃহীত

Marine Aids To Navigation Bill: ৯০ বছৰ পুৰণি আইন সলনিৰে সৰ্বানন্দ সোণোৱালে উত্থাপন কৰা নতুন আইন সংসদত গৃহীত

News18 Assam | News18-Assam
Updated:July 27, 2021, 10:57 PM IST
Marine Aids To Navigation Bill: ৯০ বছৰ পুৰণি আইন সলনিৰে সৰ্বানন্দ সোণোৱালে উত্থাপন কৰা নতুন আইন সংসদত গৃহীত
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৯ জুলাইত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৯ জুলাইত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিছিল।

  • Share this:

ভাৰতীয় সংসদে আজি ৯০ বছৰ পুৰণি লাইটহাউছ এক্ট ১৯২৭ৰ সলনি কৰি প্ৰতিস্থাপনৰ লক্ষ্যৰে মেৰাইন এইডছ টু নেভিগেচন বিল, ২০২১ গৃহীত কৰে। ইয়াৰ জৰিয়তে বিশ্বমানৰ উত্তম পন্থা, প্ৰযুক্তিগত উন্নয়ন আৰু নেভিগেচনৰ অৰ্থে সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয়  সংবদ্ধতাৰ পথ প্ৰশস্ত হ’ব তথা ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজ অৱ ডুয়িং বিজনেছক উৎসাহিত কৰাৰ লক্ষ্য পূৰণ কৰিব।


কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৯-০৭-২০২১ত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিছিল আৰু আজি এয়া গৃহীত হয়। এতিয়া বিধেয়কখন ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হ’ব।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ঔপনিৱেশিক আইনসমূহ প্ৰত্যাহাৰ আৰু ইয়াৰ ঠাইত সামুদ্ৰিক উদ্যোগটোৰ আধুনিক আৰু সমকালীন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা আইনৰ প্ৰতিস্থাপনৰ দ্বাৰা অভিযোজন ঘটোৱাৰ বাবে গ্ৰহণ কৰা এক সক্ৰিয় পন্থাৰ অংশ হৈছে এই ব্যৱস্থা।



সৰ্বানন্দ সোণোৱালে লগতে কয় যে বিধেয়কখনৰ জৰিয়তে পুৰণি লাইটহাউছ এক্ট ১৯২৭ৰ সংবিধিবদ্ধ ব্যৱস্থাসমূহে সামৰি নোলোৱা মেৰাইন নেভিগেচনৰ অত্যাধুনিক প্ৰযুক্তিসমূহ অভিযোজনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।পৃষ্ঠপটঃ লাইটহাউছ এক্ট ১৯২৭ৰ অধীনত সুৰক্ষিত নেভিগেচনৰ অৰ্থে ভাৰতৰ লাইটহাউছ আৰু লাইটশ্বিপৰ প্ৰশাসন আৰু পৰিচালনা নিয়ন্ত্ৰিত হয়। লাইটহাউছ এক্ট ১৯২৭ প্ৰণয়নৰ সময়ত তেতিয়াৰ ব্ৰিটিছ শাসিত ভাৰতৰ ছটা অঞ্চল ক্ৰমে আদেন, কৰাচী, বোম্বে, মাদ্ৰাজ, কলকাতা আৰু ৰেংগুনত মাত্ৰ ৩২টা লাইটহাউছ আছিল।


স্বাধীনতাৰ পাছত ১৭টা লাইটহাউছ ভাৰতৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনলৈ আহে, যি এতিয়া জাহাজ পৰিবহণ উদ্যোগটোৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে বহুগুণে বৃদ্ধি পাইছে। বৰ্তমানে, উল্লেখিত আইনখনৰ অধীনত ১৯৫ টা লাইটহাউছ আছে আৰু কেইবাটাও নেভিগেচনৰ অৰ্থে উন্নত ৰেডিঅ’ আৰু ডিজিটেল সহায়তা নিয়ন্ত্ৰিত। প্ৰযুক্তিৰ বিকাশৰ লগে লগে ৰাডাৰ আৰু আন চেন্সৰৰ সহায়ত ব্যৱস্থা উন্নত হৈ পৰিছে। স্থান সন্দৰ্ভত উপকূলৰ পৰাই জাহাজসমূহ নিয়ন্ত্ৰিত হৈছে আৰু ইয়াৰ বাবে ভেছেল ট্ৰেফিক ছাৰ্ভিচ (VTS) সম্ভৱ হৈ পৰিছে আৰু ইয়াৰ গ্ৰহণযোগ্যতাও বৃদ্ধি পাইছে।


মেৰাইন নেভিগেচন ছিষ্টেমৰ অৰ্থে এই আধুনিক, প্ৰযুক্তিগতভাৱে উন্নত ব্যৱস্থাসমূহে ইয়াৰ ‘নিষ্ক্ৰিয়’ সেৱাৰ পৰা ‘অপ্ৰতিৰোধী তথা একেদৰে ইন্টাৰেক্টিভ’ সেৱালৈ ইয়াৰ প্ৰফাইল সলনি কৰে। দৰ্শনীয় অৱস্থান, আদৰ্শ স্থাপত্য আৰু ঐতিহ্য প্ৰমূল্যৰাজিৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ মূল আকৰ্ষণ হিচাপেও লাইটহাউছসমূহক বৈশ্বিকভাৱে চিনাক্ত কৰা হৈছে।


নেভিগেচনৰ অৰ্থে মেৰাইন এইডছৰ আধুনিক নিয়ম-নীতিসমূহ প্ৰতিফলিত কৰিব পৰা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনসমূহৰ অধীনত ভাৰতৰ কাৰ্যভাৰক সিদ্ধ কৰিব পৰা এটা সঠিক সংবিধিবদ্ধ কাঠামো প্ৰৱৰ্তনৰ অৰ্থে এখন নতুন আইন প্ৰণয়ন কৰাটো প্ৰয়োজনীয় হৈ পৰে।



লাভালাভসমূহঃ


এই নতুন আইনে ভাৰতীয় উপকূলৰেখাৰ সৈতে মেৰাইন নেভিগেচন আৰু ভেছেল ট্ৰেফিক ছাৰ্ভিচৰ অৰ্থে সহায়তাসমূহৰ সমন্বয়পূৰ্ণ আৰু ফলপ্ৰসূ পৰিচালনা সুগম কৰিব। লাভালাভসমূহৰ ভিতৰত আছে–


১.  নেভিগেচনৰ অৰ্থে সহায় তথা ভেছেল ট্ৰেফিক ছাৰ্ভিচেৰে সম্পৰ্কীয় বিষয়সমূহত আইনী ব্যৱস্থা-বিধিৰ উন্নয়ন সাধন আৰু মেৰাইন নেভিগেচনৰ ক্ষেত্ৰখনত ভৱিষ্যৎ উন্নয়ন সাধনক সামৰি লোৱা।


২.  জাহাজ পৰিবহণৰ সুৰক্ষা আৰু সক্ষমতাৰ বৰ্ধনৰ অৰ্থে আৰু পৰিৱেশ সুৰক্ষিত কৰিবলৈ ‘ভেছেল ট্ৰেফিক ছাৰ্ভিচ’ ৰ ব্যৱস্থাপনা।


৩.  আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি ‘এইডছ টু নেভিগেচন’ আৰু ‘ভেছেল ট্ৰেফিক ছাৰ্ভিচ’ ৰ অপাৰেটৰসকলৰ প্ৰশিক্ষণ আৰু চাৰ্টিফিকেচনৰ জৰিয়তে দক্ষতা বিকাশ।


৪.  বৈশ্বিক মান অনুসৰি প্ৰশিক্ষণ আৰু চাৰ্টিফিকেচনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতিষ্ঠানসমূহৰ নিৰীক্ষণ আৰু স্বীকৃতি প্ৰদান।


৫.   সুৰক্ষিত আৰু ফলপ্ৰসূ নেভিগেচনৰ অৰ্থে নিমজ্জিত (sunken)/ অসহায় (stranded) ভেছেলসমূহ চিনাক্ত কৰিবলৈ সাধাৰণ পানীত “ৰেক” (Wreck) মাৰ্কিং।


৬.  শৈক্ষিক, সাংস্কৃতিক আৰু পৰ্যটনৰ উদ্দেশ্যে লাইটহাউছসমূহৰ উন্নয়ন সাধন, যিয়ে উপকূলীয় অঞ্চলসমূহৰ পৰ্যটনৰ সম্ভাৱনাত উদ্দীপনা যোগাব আৰু সেই স্থানৰ অৰ্থনীতিলৈ বৰঙণি যোগান ধৰিব।

Published by: Gautam Barman
First published: July 27, 2021, 10:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি