‘বড়োসকলৰ পৰা থলগিৰিয়ে শিকিবলগীয়া বহু আছে’, বড়ো চুক্তিক আদৰণি জনাই কি ক’লে পৰেশ বৰুৱাই

News18 Assam | News18-Assam
Updated:January 27, 2020, 7:54 PM IST
‘বড়োসকলৰ পৰা থলগিৰিয়ে শিকিবলগীয়া বহু আছে’, বড়ো চুক্তিক আদৰণি জনাই কি ক’লে পৰেশ বৰুৱাই
আজিৰ চুক্তিয়ে বড়ো সমাজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে ভূমিৰ অধিকাৰ অক্ষুন্ন ৰাখিব: পৰেশ বৰুৱা

আজিৰ চুক্তিয়ে বড়ো সমাজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে ভূমিৰ অধিকাৰ অক্ষুন্ন ৰাখিব: পৰেশ বৰুৱা

  • Share this:
বড়ো চুক্তিকলৈ আলফা (স্বাধীন)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই প্ৰকাশ কৰিছে পোণপটীয়া প্ৰতিক্ৰিয়া ৷ আজি স্বাক্ষৰিত চুক্তিক আলফা(স্বাধীন)ৰ সেনাধ্যক্ষজনে আদৰণি জনাই ক'লে, ‘অসমক দ্বিখণ্ডিত নকৰাকৈ হৈছে এই চুক্তি ৷ আমাৰ সাতামপুৰুষীয়া ঐক্য অব্যাহত থাকিব ৷ বড়ো ৰাইজে পাঁচশ বছৰে ভূ-ৰাজনীতিত হাৰি আছিল ৷ আজি বড়ো জাতিয়ে নিজৰ বলত অধিকাৰ পাইছে ৷’

‘বড়ো সকলৰ পৰা থলগিৰী অন্যান্য ৰাইজে শিকক ৷ নগা সকলৰ পৰাও শিকিব লগা আছে ৷ আজিৰ চুক্তিয়ে বড়ো সমাজৰ ভাষা, সংস্কৃতি ৰক্ষা কৰিব ৷ ভূমিৰ অধিকাৰ অক্ষুন্ন ৰাখিব।’, News18ক টেলিফোন কৰি জনালে পৰেশ বৰুৱাই ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি