মুখ্যপৃষ্ঠা »খবৰ »অসম »CAA বিৰোধী আন্দোলনৰ পৰা কি সুযোগ গ্ৰহণ কৰিছে পৰেশ বৰুৱাই?

CAA বিৰোধী আন্দোলনৰ পৰা কি সুযোগ গ্ৰহণ কৰিছে পৰেশ বৰুৱাই?

অৰ্দ্ধশতাধিক যুৱকৰ আলফা(স্বাধীন)ত যোগদান, উদ্বিগ্ন চোৰাংচোৱা বাহিনী

অৰ্দ্ধশতাধিক যুৱকৰ আলফা(স্বাধীন)ত যোগদান, উদ্বিগ্ন চোৰাংচোৱা বাহিনী

  • Share this:
নাগৰিকত্ব সংশোধনী বিল আইনত পৰিণত হোৱাৰ পূৰ্বৰে পৰা ৰাজ্যজুৰি চলা আন্দোলনক লৈ কৌশলী স্থিতি গ্ৰহণ কৰিলে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷ আন্দোলনৰ আৱেগিক জোৱাৰৰ সময়ছোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি সদস্যভৰ্তি অভিযান তীব্ৰতৰ কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে। চৰকাৰী সূত্ৰ মতে এই আন্দোলনমুখী সময়চোৱাত এই পৰ্যন্ত পঞ্চাশতকৈ অধিক যুৱক-যুৱতীয়ে যোগদান কৰিছে গৈ আলফা (স্বাধীন)ত ৷

কেন্দ্ৰীয় চোৰাংচোৱাৰ এক শীৰ্ষ বিষয়াই NEWS18ক সদৰি কৰা মতে বিগত নৱেম্বৰৰ শেষ ভাগৰ পৰা জানুৱাৰীৰ পহিলা সপ্তাহলৈ ৬০জনতকৈও অধিক যুৱক-যুৱতীয়ে আলফা (স্বাধীন)ত যোগদান কৰিছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীয়ে নিজাববীয়াকৈ গৃহ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিছে ৷
নৰেন্দ্ৰ মোডী নেতৃত্বাধীন NDA চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ শেষৰ পিনে নাগৰিকত্ব সংশোধনী বিধেয়ক (CAB) লোকসভাত গৃহীত হৈছিল ৷ বাকী ৰৈছিল ৰাজ্যসভাত ৷ কৌশলগত বা কাৰিকৰী কাৰণত CAB ৰাজ্যসভাত শেষ সময়ত উত্থাপন নকৰিলে মোডী চৰকাৰে ৷ সেই সময়তো অসম জ্বলিছিল ৷ সেয়া আছিল বিগত লোকসভা নিৰ্বাচনৰ আগৰ কথা ৷
জ্বলিছিল অসম ৷ উতপ্ত হৈ উঠিছিল ৰাজ্য ৷ গণ আন্দোলনত জপিয়াবলৈ হেতাওপৰা লগাইছিল সকলো ৷ সেই আন্দোলনৰ সময়ত গণতান্ত্ৰিক আন্দোলনে কামত নিদিব বুলি আলফা (স্বাধীন) লৈ ঢাপলি মেলিছিল বহু শিক্ষিত যুৱক-যুৱতীয়ে ৷ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছিল ৷ কেন্দ্ৰীয় চোৰাংচোৱাৰ তথ্য মতে সেই সময়ত ১৩০জনত কৈ অধিক যুৱক-যুৱতীয়ে তিনিমাহৰ ভিতৰত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোত যোগ দিছিল ৷
এতিয়া CAB আইনত পৰিণত হ'ল ৷ CAB হ'ল CAA ৷ বিগত বৰ্ষৰ নৱেম্বৰৰ ভাগৰ পৰা CABৰ বিৰুদ্ধে চলা আন্দোলনে CAA হোৱাৰ পিছত অধিক ভয়ংকৰ হ'ল ৷ শক্তিশালী হৈছে ৷ এনে সন্ধিক্ষণত কেন্দ্ৰীয় চোৰাংচোৱাৰ মতে ৬০ জনত কৈও অধিক যুৱক-যুৱতীয়ে আলফা (স্বাধীন)ত যোগদান কৰাতো আছিল পৰেশ বৰুৱাৰ বিশেষ ৰণকৌশল ৷
এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ শাখাৰ অৱসৰ প্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই ৷ ভট্টাচাৰ্যই News18ক ক'লে, “এনে সুযোগ সদায় লৈ আহিছে আলফাই ৷ CABৰ সময়ত বহু ল'ৰা-ছোৱালীয়ে আগ-পিছ নাভাবি আলফা (স্বাধীন)ত যোগ দিছিল ৷ এইবেলিও বহুতেই যোগদান কৰাৰ খবৰ আহিছে ৷ এয়া কি খবৰ, ৰাইজে সময়ত দেখা পাব ৷”
“আমাৰ ল'ৰা-ছোৱালীসকল এতিয়াও অধিক কৰ্মমুখী হৈ উঠা নাই ৷ মানে যি হাৰত কৰ্মস্পৃহা বাঢ়িব লাগিছিল, সেই হিচাপে বৃদ্ধি পোৱা নাই ৷ বহিৰাগতই সুবিধা লৈ আছে ৷ কথাবোৰ আৱেগত কৈ যুক্তিৰে যুৱ প্ৰজন্মই ভাৱিব লাগে ৷ বহু সংখ্যক যুৱক-যুৱতীয়ে হতাশাগ্ৰস্ত হৈ নিষিদ্ধ ঘোষিত সংগঠনত যোগ দিয়ে ৷ এয়া বছৰৰ পিছত বছৰ হৈ থকা কথা”, ক'লে অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পল্লৱ ভট্টাচাৰ্যই ৷
CAA বিৰোধী গণ আন্দোলন আৰু পৰেশ বৰুৱাৰ ৰণ কৌশল সন্দৰ্ভত ভট্টাচাৰ্যই ক'লে, “তেওঁৰ দৰে এজন লোকে নিশ্চিতকৈ সময়ৰ সদ ব্যৱহাৰ কৰিব ৷ সেয়া প্ৰতিপন্ন হৈছে ৷ দিল্লীয়ে অসমৰ সৈতে দূৰত্ব নকমালে সমস্যা সমাধান নহ'ব ৷ আজিও আমাৰ যুৱক-যুৱতীয়ে বহু সময়ত দিল্লী বহু দূৰ বুলি ভাৱিবলৈ বাধ্য হয় ৷ ফলত আলফাৰ দৰে সংগঠনত যোগদান কৰে ৷”

শেহতীয়া বাতৰি