মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সমুজ্জল ভট্টাচাৰ্যৰ গোপন বৈঠক কিয়? CABৰ প্ৰসংগত পৰেশ বৰুৱাৰ বিস্ফোৰণ

প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সমুজ্জল ভট্টাচাৰ্যৰ গোপন বৈঠক কিয়? CABৰ প্ৰসংগত পৰেশ বৰুৱাৰ বিস্ফোৰণ

News18ক টেলিফোন কৰি জনালে পৰেশ বৰুৱাই ৷

News18ক টেলিফোন কৰি জনালে পৰেশ বৰুৱাই ৷

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই। ক'লা বিধেয়কখন কেতিয়াও মানি লোৱা নহ'ব, CAB সন্দৰ্ভত পৰেশ বৰুৱাৰ এইদৰে হুংকাৰ ৷ অসমৰ প্ৰতিবাদকাৰী দল–সংগঠনক তেওঁ আহ্বান জনায়,
সকলো দল-সংগঠন একত্ৰিত হৈ ওলাই আহক ৷ অকলে অকলে আন্দোলন কৰিলে নহ'ব ৷ আছু আৰু কৃষক মুক্তি একত্ৰিত হওক ৷ একেলগ হওক অন্যান্য দল-সংগঠনো।


আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সমালোচনা কৰি পৰেশ বৰুৱাই ক'লে-
স্থিতি স্পষ্ট কৰক সমুজ্জ্বলে ৷ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি সকলোকে একত্ৰিত কৰক ৷ শুকুৰবাৰে কি গোপন বৈঠকত বহিছিল সমুজ্জ্বল? প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে কি কথা পাতিলে সমুজ্জ্বলে? বৈঠকত এটা টিভি চেনেলৰ মালিকো আছিল, যাৰ এখন দৈনিক কাকতো আছে ৷ এই গোপন বৈঠক ৰাইজৰ পৰিপন্থী বুলি আমি ভাবিছো ৷ কথাবোৰ সমুজ্জ্বলেে ৰাজহুৱা কৰক ৷


প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকো পৰেশ বৰুৱাই সকিয়াই দি কয়-
আঞ্চলিক দলত বিভাজনৰ ৰাজনীতি নকৰিব ৷ পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে এইবোৰ কৰিছে আপুনি ৷ গুপ্তঘাতক মহন্তক ৰাইজে নিবিচাৰে ৷


নিজৰ দলৰ বিৰুদ্ধেই কাম কৰিছে, একাংশক উচটাইছে মহন্তই ৷ এনে কামৰ পৰা বিৰত থাকিবলৈ মহন্তক সকিয়াই দিয়ে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ বৰুৱাই ৷ বৰুৱাই কয়,
AGPৰ তিনি মন্ত্ৰীয়ে দিল্লী নিয়ন্ত্ৰণ নকৰে ৷ AGPৰ তিনি মন্ত্ৰীয়ে CABকো প্ৰতিৰোধ কৰিব নোৱাৰে ৷ সেই কথা জানিও মহন্তই স্বাৰ্থৰ বাবেই ৰাজনীতি কৰিছে ৷ আমি আঞ্চলিক দলটোৰ উন্নতি বিচাৰো ৷ CAB আহিলে AGPয়ে কি কৰিব, তাক নিৰ্ণয় কৰক ৷


প্ৰতিবাদকাৰী নেতাসকলক উদেশ্যি পৰেশ বৰুৱাৰ আহ্বান, নেতাবোৰে ৰাইজক ঠগিবলৈ চেষ্টা নকৰিব ৷ নহ'লে আৰু ৰাইজ কেতিয়াও নাহিব আপোনলোকৰ কাষলৈ ৷ আন্দোলনৰ মাজতে দিল্লীৰ ওচৰত বিক্ৰী নাযাব ৷

পুনৰবাৰ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰসংগ উত্থাপন কৰি টেলিফোনত পৰেশ বৰুৱাই ক'লে,
সমুজ্জ্বল ভট্টাচাৰ্যই অসমত বৰপীৰা পাৰি দিছিল BJPক ৷ অসমত BJPৰ উত্থাপনৰ মূল মানুহ সমুজ্জ্বল ৷ মাজুলীত সত্ৰাধিকাৰৰ সৈতে কি বৈঠকত বহিছিল সমুজ্জ্বল? সেই বৈঠকত জাতীয় নায়কো আছিল ৷ মোৰ হাতত সকলো তথ্য-প্ৰমাণ আছে ৷


এনেবোৰ কামৰ পৰা আতৰি থাকিবলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক অনুৰোধ জনাই পৰেশ বৰুৱাই ক'লে, সকলোকে একত্ৰিত কৰি CABৰ বিৰুদ্ধে আন্দোলন কৰক ৷ ছাত্ৰ সমাজৰ আপুনি 'পিতা' সদৃশ ৷

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সমালোচনা কৰাৰ বাবে আছুৰ সদস্যই ভুল নুবুজিব বুলিও পৰেশ বৰুৱাই আহ্বান জনায় ৷

একাংশ বুদ্ধিজীৱীৰ স্থিতিৰ ওপৰতো সন্দেহ ব্যক্ত কৰিলে পৰেশ বৰুৱাই ৷ ক'লে,
উচ্চতম ন্যায়ালয়ত যাব হেনো তেওঁলোক ৷ CABক প্ৰতিহত কৰিবলৈ SCত যায়? SCক কোনে নিয়ন্ত্ৰণ কৰে, তাকেই নাজানে নেকি? ভাৰতীয় সংবিধান, গণতন্ত্ৰই আমাক একো দিয়া নাই ৷

শেহতীয়া বাতৰি