মুখ্যপৃষ্ঠা »খবৰ »অসম » ২০০০ টকাৰ বাবেই ৰতন দাসে হত্যা কৰিলে পৰেশ বৰুৱাক

 ২০০০ টকাৰ বাবেই ৰতন দাসে হত্যা কৰিলে পৰেশ বৰুৱাক

‘পাব লগা ২০০০ টকা নিদিয়াৰ বাবেই ৰডেৰে মৰিয়াই মাৰিলো’ ৷ দিশপুৰ আৰক্ষী থানাত নিউজ 18 ৰ আগত ৰতনে দিলে ভয়ংকৰ স্বিকাৰোক্তি

‘পাব লগা ২০০০ টকা নিদিয়াৰ বাবেই ৰডেৰে মৰিয়াই মাৰিলো’ ৷ দিশপুৰ আৰক্ষী থানাত নিউজ 18 ৰ আগত ৰতনে দিলে ভয়ংকৰ স্বিকাৰোক্তি

  • Share this:
চলিত বৰ্ষৰ ৮ জানুৱাৰীত দিশপুৰ আইন মহাবিদ্যালয় সমীপত অচিনাক্ত লোকে হত্যা কৰিছিল ৭২ বছৰীয়া অৱসৰপ্ৰাপ্ত অভিযন্তা পৰেশ চন্দ্ৰ বৰুৱাক ৷ নিজৰ ঘৰৰ ভিতৰতে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিছিল পৰেশচন্দ্ৰ বৰুৱাৰ পত্নীয়ে ৷ তাৰ পিছৰে পৰা দিশপুৰ আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি আৰম্ভ কৰিছিল তদন্ত। কিন্তু তদন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল কোনো ক্লু ৷

আৰক্ষীয়ে সন্দেহত পৰেশ চন্দ্ৰ বৰুৱাৰ ঘৰত পূৰ্বতে চালক হিচাপে কাম কৰা এজনক সোধপোচ কৰাৰ কাৰণে আটক কৰিছিল। কিন্তু তাতো কোনো ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী ৷

কিন্তু অৱশেষত দিশপুৰ আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয় হত্যাকাণ্ডৰ প্ৰমাণ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল হত্যাকাৰী ৰতন দাসক ৷ লালমাটিৰ ৰতন দাসে পৰেশ চন্দ্ৰ বৰুৱাৰ পৰা পাব লগীয়া আছিল  ২০০০ টকা ৷ ৮ জানুৱাৰীৰ সন্ধিয়া ৰতনে আন এটা সহযোগীৰ লগত টকা বিচাৰি গৈছিল পৰেশ চন্দ্ৰ বৰুৱাৰ ঘৰলৈ ৷ পৰেশ বৰুৱাই টকা দিবলৈ অমান্তি হোৱাত লোৰ ৰডেৰে বাৰম্বাৰ পৰেশ বৰুৱাৰ মূৰত প্ৰহাৰ কৰি হত্যা কৰে ৷ বৰ্তমান দিশপুৰ আৰক্ষীয়ে ৰতন দাসৰ সহযোগীক বিচাৰি আৰম্ভ কৰিছে অভিযান ৷

শেহতীয়া বাতৰি