কেন্দ্ৰৰে আলোচনা! পৰেশ বৰুৱাই পুনৰ গঠন কৰিব PCG

কেন্দ্ৰৰ পৰা আনুষ্ঠানিক পত্ৰ পালেই আলোচনাৰ মধ্যস্থতাৰ বাবে পুনৰ গঠন হ'ব PCG।
কেন্দ্ৰৰ পৰা আনুষ্ঠানিক পত্ৰ পালেই আলোচনাৰ মধ্যস্থতাৰ বাবে পুনৰ গঠন হ'ব PCG।
- News18 Assam
- Last Updated: February 20, 2020, 1:05 PM IST
প্ৰথম পদক্ষেপ হিচাপে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ তথা সংগঠনৰ উপ-সভাপতি পৰেশ বৰুৱাই পুনৰ গঠন কৰিব PCG ৷ মানে পিপ'লছ কনছালটেটিভ গ্ৰুপ ৷
২০০৫ৰ ৮ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মধ্যস্থতা কৰিবলৈ তেতিয়াৰ সভাপতি অৰবিন্দ ৰাজখোৱাই গঠন কৰিছিল PCG ৷ জ্ঞানপীঠ বঁটা বিজয়ী ডঃ মামনি ৰয়ছম গোস্বামীক মুখ্য সম্বন্বয়ৰক্ষী হিচাপে লৈ গঠন কৰা PCGত অন্তভুৰ্ক্ত হৈছিল ৰেৱতী ফুকন, অৰূপ বৰবৰা, লাচিত বৰদলৈ, মুকুল মহন্ত, অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন, ব্ৰজেন গগৈ, দিলীপ পাটগিৰী, দিগন্ত কোঁৱৰ আৰু হিৰণ্য শইকীয়া ৷
প্ৰধানকৈ 'সাৰ্বভৌম স্বাধীন অসম'ৰ দাবীত আলোচনা অসম্ভৱ বুলি ডঃ মনমোহন সিং নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সদৰি কৰাৰ পিছতেই ব্যৰ্থ হৈছিল আলফা-চৰকাৰৰ আলোচনাৰ বাবে গঠন কৰা PCG ৷ পৰৱৰ্তীকালত বাংলাদেশৰ পৰা হস্তান্তৰ হৈ আলোচনাৰ মেজলৈ অহা সভাপতি অৰবিন্দ ৰাজখোৱাই ২০১১ৰ ফেব্ৰুৱাৰীৰ পহিলা সপ্তাহত ভংগ কৰি দিছিল PCGক ৷
এতিয়া পুনৰ আলোচনাৰ মধ্যস্থতা কৰাৰ বাবে সেই PCGকে পুনৰ গঠন কৰিবলৈ আগবাঢ়িছে পৰেশ বৰুৱাই ৷ এই কথা News18ক সদৰি কৰিলে PCGৰ পূৰ্বৰ সদস্য হিৰণ্য শইকীয়াই ৷ শইকীয়াই ক'লে, “আলোচনাৰ মধ্যস্থতাৰ বাবে পৰেশ বৰুৱাই পুনৰ গঠন কৰিব PCGক ৷ এইক্ষেত্ৰত 'সাৰ্বভৌম স্বাধীন অসম'ক মূল বিষয় হিচাপে লৈ আলোচনা কৰা হ'ব বুলি আনুষ্ঠানিক পত্ৰ দিলেই আগবাঢ়িব পৰেশ বৰুৱা ৷”
পিছে, নতুন PCGত কোন কোন থাকিব? আগৰ সদস্যসকলকে লৈ গঠন কৰিব নে কি PCG? এই প্ৰশ্নৰ উত্তৰত হিৰণ্য শইকীয়াই ক'লে, “কাক কাক লৈ PCGক পুনৰ গঠন কৰিব সেয়া সম্পূৰ্ণভাৱে পৰেশ বৰুৱাই সিদ্ধান্ত গ্ৰহণ কৰিব ৷ আগৰো সদস্য থাকিব পাৰে বা নতুন সদস্যক লৈও গঠন কৰিব পাৰে ৷ সেয়া তেওঁৰ ওপৰত নিৰ্ভৰ কৰে ৷”