অপহৃত ৰিতুল শইকীয়াক মুক্তিৰ পাছতে News18লৈ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ টেলিফোন ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা পৰেশ ৱৰুৱাৰ।
"ৰিতুল শইকীয়াক অপহৰণ কৰাৰ উদ্দেশ্য আমাৰ পূৰণ হৈছে ৷ দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক OIL-ONGC-NRLৰ কথাবোৰ জনাইছে ৷ আমি সেয়ে তাৎক্ষণিকভাৱে ৰিতুলক মুকলি কৰি দিছোঁ ৷"
"আলোচনাৰ ক্ষেত্ৰত আমি সদায় ইতিবাচক ৷ দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি আশাবাদী ৷ এতিয়া আলোচনাৰ বল ভাৰত চৰকাৰৰ হাতত ৷ কোভিডৰ কাৰণে আমি তিনিমাহৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছোঁ ৷ আলোচনাৰ বাট কটাটো চৰকাৰৰ দায়িত্ব ৷ সেন্দূৰীয়া বাট কাটক ৷ কাইটীয়া বাটত আমি ভৰি নিদিও ৷ আমি আলোচনাৰ বাবে সদায় আগ্ৰহী ৷ কিন্তু সন্মানজনক আৰু অসমৰ বুৰঞ্জীৰ সন্মান ৰক্ষা হ'ব লাগিব।"
আনহাতে আলোচনা প্ৰক্ৰিয়াক লৈ মন্তব্য কৰি আলোচনাপন্থী আলফা অনুপ চেতিয়াই কয়, "এতিয়া শক্তিশালী অৱস্থাত আছে আলফা স্বাধীন ৷ এই শক্তিশালী ৰূপত থকাৰ সময়তে আলোচনালৈ আহিলে বিশেষ সন্মান আৰু মৰ্যাদা পাব তেওঁলোকে এই সুযোগ গ্ৰহণ কৰিবলৈ মই পৰেশ বৰুৱাক আহ্বান জনালোঁ।"
Published by: Manjumoni Borah
FIRST PUBLISHED : May 22, 2021, 14:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।