মহানগৰীৰ মাজমজিয়াত বিজয় অসমৰ নেতৃত্বত শেহতীয়াকৈ হোৱা গ্ৰেনেড নিক্ষেপৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। সংবাদমাধ্যমলৈ কৰা এক টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাই ভৱিষ্যতে ৰাজহুৱা স্থানত বিস্ফোৰণ সংঘটিত নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ কথা প্ৰকাশ পাইছে। মহানগৰীৰ গুৱাহাটী চেণ্ট্ৰেল ম’লৰ সমীপত সংঘটিত বিস্ফোৰণত ১১জনকৈ লোক আহত হৈছিল।
উল্লেখযোগ্য যে বিগত১৫ মে’ৰ সন্ধিয়া গুৱাহাটীৰ জু ৰোডত সংঘটিত হৈছিল গ্ৰেনেড বিস্ফোৰণৰ ঘটনা। দুজন SSB জোৱানসহ আহত হৈছিল ১১জন লোক। আলফাৰ দুৰ্ধৰ্ষ কেডাৰ বিজয় অসমে দলিয়াইছিল গ্ৰেনেড।
জাহ্নৱী শইকীয়াই চলোৱা স্কুটীত উঠি ঘটাইছিল বিস্ফোৰণ। ঘটনা সন্দৰ্ভত ৫জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হয় অভিনেত্ৰী জাহ্নৱী শইকীয়া, আলফাৰ লিংকমেন প্ৰাণময় ৰাজগুৰু, অমৃত বল্লভ গোস্বামী, চিন্ময় লহকৰ আৰু ইন্দ্ৰমোহন বৰা।
Published by: Tulika Devi
FIRST PUBLISHED : May 28, 2019, 12:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।