সূদীৰ্ঘ ২০ টা বছৰে কোনেও তেওঁক কন্দুৱাব পৰা নাছিল। কিন্তু আজি তেওঁ উচুপি উঠিছে, চকুপানী টুকিছে। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত বিচলিত হৈ পৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা।
মৃত্যুৰ কিছু সময়ৰ পূৰ্বে কথা পাতিছিল পৰেশ বৰুৱা আৰু হোমেন বৰগোহাঞিয়ে। নিশা পৰেশ বৰুৱাক বৰগোহাঞিয়ে কৈছিল- 'পৰেশ মই বেছি দিন জীয়াই নাথাকো'। তাৰ পিছতেই পুৱা আহিল দুঃখবৰটো। সেইগৰাকী খ্যাতনামা সাহিত্যিক যিগৰাকীয়ে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জীৱনী লিখাৰ পৰিকল্পনা কৰিছিল, তেওঁ আৰু এই সংসাৰত নাই। সমস্ত জীৱন জ্ঞানৰ পূজাত ব্ৰতী হৈ সাহিত্যৰ সুবাস বিলাই বিলাই সকলোকে কন্দুৱাই তেওঁ গুছি গ'ল অজান মুলূকলৈ। পৰেশ বৰুৱাই কয় যে দৈহিক অসুস্থতাৰ বাবেই ইজনে সিজনক লগ পোৱাৰ পৰাও বঞ্চিত হ'ব লগা হৈছিল। তাৰ পিছতে এই অনাকাংক্ষিত খবৰ কন্দুৱাই তুলিছে তেওঁক।
Published by: Kokil Sarma
FIRST PUBLISHED : May 12, 2021, 15:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|