দুৰ্ভাগ্যজনকভাৱে ম্যানমাৰৰ জংঘলত নিখোজ পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱা!

মানসিক ৰোগত আক্ৰান্ত হোৱা ৰূপকৰ সন্দৰ্ভত যোৱা ২৭ অক্টোবৰত জানিব পৰা গৈছিল৷ ২৮ অক্টোবৰলৈ তেওঁ কেম্পতেই সৰ্তীথসকলৰ সৈতে আছিল৷
মানসিক ৰোগত আক্ৰান্ত হোৱা ৰূপকৰ সন্দৰ্ভত যোৱা ২৭ অক্টোবৰত জানিব পৰা গৈছিল৷ ২৮ অক্টোবৰলৈ তেওঁ কেম্পতেই সৰ্তীথসকলৰ সৈতে আছিল৷
- News18 Assam
- Last Updated: November 5, 2020, 3:53 PM IST
এই সন্দৰ্ভত বৃহস্পতিবাৰে News18ক টেলিফোন কৰি পৰেশ বৰুৱাই ক'লে- “অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ সংগঠনৰ লেফটেনেণ্ট মুন্না অসম ওৰফে ৰূপক অসম নিখোজ হৈ আছে৷ আচলতে তেওঁ ভ্ৰম বকিবলৈ আৰম্ভ কৰিছিল৷ মানসিক ৰোগত আক্ৰান্ত হোৱা ৰূপকৰ সন্দৰ্ভত যোৱা ২৭ অক্টোবৰত জানিব পৰা গৈছিল৷ ২৮ অক্টোবৰলৈ তেওঁ কেম্পতেই সৰ্তীথসকলৰ সৈতে আছিল৷ কিন্তু ২৯ অক্টোবৰত তেওঁক ফুৰাবলৈ নিছিল সতীৰ্থবৰ্গই৷ সেই সময়তে মানসিক ৰোগত আক্ৰান্ত হোৱা মুন্নাই সাংঘাতিকভাৱে দৌৰিবলৈ ধৰে আৰু গভীৰ জংঘলৰ মাজত প্ৰৱেশ কৰে৷ লগত যোৱা সতীৰ্থসকলে পিছে পিছে যায় যদিও তেওঁক বিচাৰি নাপালে৷”
দুবছৰ পূৰ্বে আলফা স্বাধীনত যোগদান কৰা মুন্না মানসিক ৰোগত আক্ৰান্ত হৈ গভীৰ জংঘলত নিখোঁজ হোৱাৰ সন্দৰ্ভত ইতিমধ্যে পৰেশ বৰুৱাই মুন্নাৰ জেৰাই চকলী ভৰীয়া গাঁৱৰ পৰিয়ালক জনাইছে৷ মুন্নাৰ নিখোঁজ সন্দৰ্ভত পৰেশ বৰুৱাই পুনৰ ক'লে- “আশা কৰা হৈছে সোশৰীৰে উভতি আহিব বা সংগঠনে বিচাৰি পাব মুন্নাক৷ সংগঠনৰ কাৰো সৈতে নাছিল মুন্নাৰ মনোমালিন্য৷ সংগঠনৰ সকলো নেতা-কেডাৰৰ মৰমৰ আছিল তেওঁ৷ একাংশ সংবাদ মাধ্যমত অপ–প্ৰচাৰ চলিছে যে এয়া দলীয় অন্তঃকন্দলৰ বাবে সংঘটিত হোৱা ঘটনা৷ এয়া সম্পূৰ্ণ ভিত্তিহীন আৰু মুখৰোচক খবৰ প্ৰকাশ পাইছে৷ আচলতে এই ৰোগত আক্ৰান্ত মুন্নাৰ মাতৃ আৰু মাহীয়েকো৷ পূৰ্বতে আমাৰ সংগঠনৰ জ্যেষ্ঠ নেত্ৰী ডালিমীও একেই ৰোগত আক্ৰান্ত হৈ জংঘলত নিখোঁজ হৈছিল৷ শ শ সদস্যই বিচাৰি পোৱা নাছিল৷ কিছুদিন পিছত জংঘলৰ মাজত ওলমি থকা অৱস্থাত ডালিমীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছিল৷ ডালিমীৰ দৰে এতিয়া নিখোঁজ হোৱা মুন্না সোশৰীৰে উভতি আহিব বুলি আমি আশা কৰিছো৷”