মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাকৰ কোলাত উঠিয়ে পাৰ কৰিলে মেট্ৰিকৰ দেওনা, বিষ্ণুপ্ৰিয়াক প্ৰয়োজন এতিয়া অকণমান সহায়ৰ

মাকৰ কোলাত উঠিয়ে পাৰ কৰিলে মেট্ৰিকৰ দেওনা, বিষ্ণুপ্ৰিয়াক প্ৰয়োজন এতিয়া অকণমান সহায়ৰ

News18 Assam | News18-Assam
Updated:June 8, 2020, 11:05 PM IST
মাকৰ কোলাত উঠিয়ে পাৰ কৰিলে মেট্ৰিকৰ দেওনা, বিষ্ণুপ্ৰিয়াক প্ৰয়োজন এতিয়া অকণমান সহায়ৰ
আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটো বিষ্ণুপ্ৰিয়াৰ উচ্চ শিক্ষালৈ চিন্তিত। কেনেকৈ আগবঢ়াই নিব কন্যাক।

আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটো বিষ্ণুপ্ৰিয়াৰ উচ্চ শিক্ষালৈ চিন্তিত। কেনেকৈ আগবঢ়াই নিব কন্যাক।

  • Share this:
এজনি কণমানি। এতিয়াও পিতৃ মাতৃৰ বোকোচাত উমলি-জামলি থাকে। কিন্ত তাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল।এই খবৰে উৎফুলিত কৰি তুলিছে কণমানি ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াক। প্ৰকৃততে বিষ্ণুপ্ৰিয়া গগৈ নামৰ দেখাত কণমানি ছাত্ৰী গৰাকী বিশেষভাৱে সক্ষম। কিন্তু এই প্ৰত্যাহ্বান নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা অৰ্জন কৰিলে বিষ্ণুপ্ৰিয়াই। বিষ্ণুপ্ৰিয়াৰ দুচকুত এতিয়া অলেখ সপোন।

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তাইৰ মনত অপাৰ আনন্দ। দুচকুত সোনোৱালী সপোনৰ তিৰবিৰনি। আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আন দহ গৰাকী ছাত্ৰ ছাত্ৰীৰ দৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিষ্ণুপ্ৰিয়া। পৰীক্ষাৰ ফলাফলত বিষ্ণুপ্ৰিয়া দ্বিতীয় বিভাগত উৰ্ত্তীণ হ'বলৈ সক্ষম হয়। মৰিয়নীৰ চেলেংহাট পানী গাঁৱৰ নিবাসী প্ৰীতি গগৈৰ কন্যা বিষ্ণুপ্ৰিয়া গগৈ জন্মপৰাই বিশেষভাৱে সক্ষম।

কিন্তু প্ৰতিবন্ধকতা নেওচি জগত জিনাৰ দুৰ্বাৰ হেঁপাহ তাইৰ। বিষ্ণুপ্ৰিয়াৰ জীৱনৰ পথত  পিতৃ-মাতৃয়ে স্বীকাৰ কৰিছে অশেষ ত্যাগ আৰু কষ্ট। হুইল চেয়াৰ আৰু পিতৃ-মাতৃৰ বোকোচাতে উমলি-জামলি দিন কটোৱা বিষ্ণুপ্ৰিয়াৰ সাফল্যত এতিয়া পিতৃ-মাতৃ আনন্দিত। ছবি আঁকি, কবিতা পঢ়ি, গীত গাই ভাল পোৱা বিষ্ণুপ্ৰিয়াৰ আছে আকাশ চুবলৈ মন। মৌচাক, ৰংমনৰ লগতে বিভিন্ন আলোচনীত নিজে লিখা কবিতা প্ৰকাশ কৰা বিষ্ণুপ্ৰিয়াৰ মনটো আজি আনন্দৰে ভৰি পৰিছে।

সফলতাৰ আনন্দৰ মাজতো বিষ্ণুপ্ৰিয়াই শিক্ষক-শিক্ষয়ত্ৰী আৰু বন্ধু বান্ধৱীয়ে কৰা সহায় স্মৰণ কৰি ধন্যবাদ জনায়। কিন্ত বিষ্ণুপ্ৰিয়াৰ এই সফলতাৰ মাজতো পিতৃ-মাতৃ বিষ্ণুপ্ৰিয়াৰ ভৱিষ্যতকলৈ চিন্তিত হৈ পৰিছে। আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটো বিষ্ণুপ্ৰিয়াৰ উচ্চ শিক্ষালৈ চিন্তিত। কেনেকৈ আগবঢ়াই নিব কন্যাক। বিষ্ণুপ্ৰিয়াৰ অভিভাৱকে অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে, যাতে বিষ্ণুপ্ৰিয়াৰ উচ্চ শিক্ষাৰ সপোন দিঠকত পৰিণত হয়।
First published: June 8, 2020, 11:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি