Nahid Afreen : কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃ ক্ৰমাৎ আৰোগ্যৰ পথত। ছচিয়েল মিডিয়াযোগে জনালে নাহিদে।

News18 Assam | News18-Assam
Updated:June 8, 2021, 11:44 PM IST
Nahid Afreen :  কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃ ক্ৰমাৎ আৰোগ্যৰ পথত। ছচিয়েল মিডিয়াযোগে জনালে নাহিদে।
২ জুনত বিশ্বনাথৰ ঘৰৰ পৰা যোৰহাটলৈ গৈ থকা সময়ত এক দুৰ্ঘটনাত পতিত হৈছিল নাহিদৰ পিতৃ-মাতৃ।

২ জুনত বিশ্বনাথৰ ঘৰৰ পৰা যোৰহাটলৈ গৈ থকা সময়ত এক দুৰ্ঘটনাত পতিত হৈছিল নাহিদৰ পিতৃ-মাতৃ।

  • Share this:
কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃ ক্ৰমাৎ আৰোগ্য হৈ উঠিছে। এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰি চিকিৎসাধীন হৈ আছে নাহিদৰ পিতৃ-মাতৃ। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত  চিকিৎসাধীন হৈ আছে নাহিদৰ পিতৃ-মাতৃ।

২ জুনত বিশ্বনাথৰ ঘৰৰ পৰা যোৰহাটলৈ গৈ থকা সময়ত এক দুৰ্ঘটনাত পতিত হৈছিল নাহিদৰ পিতৃ-মাতৃ। পথৰ পৰা ওফৰি গৈ নাহিদৰ পিতৃৰ গাড়ী পৰিছিলগৈ পথাৰত। গাড়ীখন সম্পূৰ্ণ বিধ্ৱস্ত হৈছিল যদিও সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল নাহিদৰ পিতৃ-মাতৃৰ। তাৰ পাছত তেওঁলোকক প্ৰথমে ডেৰগাঁও আৰু পাছত JMCHলৈ নিয়া হৈছিল। এতিয়া তেওঁলোক আৰোগ্য হৈছে বুলি ছচিয়েল মিডিয়া যোগে জনালে নাহিদে।



এই সময়ছোৱাত পৰিয়ালটোক সৰ্বতোপ্ৰকাৰে সহায় কৰা বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দুৰ্ঘটনাৰ সময়ত পিতৃ-মাতৃক উদ্ধাৰ কৰা স্বাস্থ্য কৰ্মীগৰাকীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী চিকিৎসকক আন্তৰিকতাৰে নাহিদে ধন্যবাদ জ্ঞাপন কৰিছে ছচিয়েল মিডিয়াযোগে।
Published by: Manjumoni Borah
First published: June 8, 2021, 11:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি