• Home
  • »
  • News
  • »
  • assam
  • »
  • নিষ্ঠুৰ পিতৃ–মাতৃৰ অমানৱীয় কাণ্ড, নিজৰ ফুল কুমলীয়া সন্তানক পুখুৰীত দলিয়াই হত্যা!

নিষ্ঠুৰ পিতৃ–মাতৃৰ অমানৱীয় কাণ্ড, নিজৰ ফুল কুমলীয়া সন্তানক পুখুৰীত দলিয়াই হত্যা!

কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া৷

কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া৷

কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া৷

  • Share this:
কিমান নিষ্ঠুৰ হ’লে নিজৰ ফুল কুমলীয়া সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে পিতৃ–মাতৃয়ে! তেনে এক নিষ্ঠুৰ, হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত৷ এটি ফুলকুমলীয়া দেৱশিশুক পুখুৰীত দলিয়াই পিতৃ–মাতৃয়ে হত্যা কৰে পিতৃ–মাতৃয়ে! পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ডেৰ বছৰীয়া শিশুটিৰ মৃতদেহ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া৷ প্ৰতিদিনৰ দৰে যোৱানিশাও দুয়ো স্বামী-স্ত্ৰীৰ মাজত চলি আছিল কাজিয়া৷ কাজিয়াৰ মাজতে চুবুৰীয়াৰ লোকে শুনিছিল শিশুৰ চিৎকাৰ। পিছত নিশাৰ ভাগতে নিৰুদ্দেশ হৈছিল তেওঁলোকৰে ডেৰ বছৰীয়া পুত্ৰ আহমেদ খান৷

পুৱাৰ ভাগত পুখুৰীত উপঙি থকা অৱস্থাত চুবুৰীয়াৰ লোকে প্ৰত্যক্ষ কৰে  শিশুটিৰ মৃতদেহ৷ শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত লাগে হুৱাদুৱা৷
ৰাইজে জানিবলৈ দিয়া মতে, স্বামী মিজানুৰ ৰহমানৰ লগত তেওঁৰ পত্নী মালেকা খাতুনৰ বিবাহ বিচ্ছেদ হৈছিল৷ তাৰ পিছত কিছুদিন ধৰি মালেকাই পুনৰ উভতি আহে স্বামী মিজানুৰৰ গৃহলৈ৷

গৰৈমাৰী আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে ঘটনাৰ সঠিক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি