ছাত্ৰ ছাত্ৰীৰ অভাৱত ৰাজ্যত ইখনৰ পাছত সিখনকৈ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ সময়তে শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন নামৰ চৰকাৰী বিদ্যালয়খনত দেখা গৈছে ব্যতিক্ৰমী দৃশ্য। প্ৰাক প্ৰাথমিক শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ তিনিদিন আগৰে পৰা বিদ্যালয়ৰ সন্মুখত অভিভাৱক সকলে অপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, অহা ১৩ মাৰ্চত বিদ্যালয়খনে নাম ভৰ্তিৰ ফৰ্ম প্ৰদান কৰিব। কিন্তু শুকুৰবাৰে নিশাৰ পৰাই সন্তানৰ অভিভাৱকসকলে বিদ্যালয়ৰ সন্মুখত অপেক্ষা কৰিছে। বিদ্যালয়ৰ সন্মুখৰ পদপথতে অভিভাৱক সকলে নিশাটো কটালে। পুৱাৰ চাহ কাপো পদপথতেই খায়।
মন কৰিবলগীয়া যে, বিদ্যালয়খনৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত ৬০ খন আসন আছে । ১৩ মাৰ্চত নামভৰ্তিৰ প্ৰ-পত্ৰ সমূহ প্ৰদান কৰা হ'ব। শিক্ষানুষ্ঠান খনৰ শিক্ষাদানৰ মান, শৈক্ষিক পৰিৱেশ যথেষ্ট ভাল হোৱা বাবেই এইদৰে নিজ নিজ সন্তানৰ নাম ভৰ্তি কৰোৱাবলৈ অভিভাৱক সকলে হেতা উপৰা লগাইছে। প্ৰতি বছৰে লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত এনে পৰিৱেশ দেখা পোৱা যায়।
বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ কৰ্তব্যনিষ্ঠা, নিয়মানুবৰ্তিতা, দুৰ্বল ছাত্ৰ ছাত্ৰী সকলক অতিৰিক্ত পাঠদান কৰি হ'লেও আন ছাত্ৰ- ছাত্ৰীৰ সমানে আগুৱাই নিয়া, বৃত্তি পৰীক্ষাত এশ শতাংশ ছাত্ৰ–ছাত্ৰী উত্তীৰ্ণ হোৱা আদি অনেক কাৰণত এই চৰকাৰী বিদ্যালয় খনত সন্তানৰ নামভৰ্তিৰ বাবে অভিভাৱক সকল ঢাপলি মেলি আহে। বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰঞ্জিচ চুতীয়াই এই মন্তব্য কৰে। তদুপৰি, বিদ্যালয়খনৰ আন্তঃগাথঁনিও যথেষ্ট ভাল। গুণোৎসৱ আৰম্ভ হোৱাৰে পৰা প্ৰতিবাৰেই A + গ্ৰেড লাভ কৰি অহা লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত পঢ়ি যোৱা ছাত্ৰ–ছাত্ৰী সকলে পৰৱৰ্তী পৰ্যায়তো বিভিন্ন দিশত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰধান শিক্ষকগৰাকীয়ে সদৰি কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 11, 2023, 13:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।