মুখ্যপৃষ্ঠা »খবৰ »অসম »Abhi-Neel Murder Trial : অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াক লৈ আক্ষেপ অভিভাৱকৰ

Abhi-Neel Murder Trial : অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াক লৈ আক্ষেপ অভিভাৱকৰ

বিপক্ষৰ অধিবক্তাৰ বাবেই বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া হৈছে বুলি অভিযোগত প্ৰকাশ

বিপক্ষৰ অধিবক্তাৰ বাবেই বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া হৈছে বুলি অভিযোগত প্ৰকাশ

বিপক্ষৰ অধিবক্তাৰ বাবেই বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া হৈছে বুলি অভিযোগত প্ৰকাশ

  • Share this:
নীল-অভিৰ বিচাৰপ্ৰক্ৰিয়াক লৈ আক্ষেপ অভিভাৱকৰ। বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিলে নীলোৎপল দাসৰ পিতৃয়ে। ৪ মাহত মাত্ৰ ৪ টা শুনানিক লৈও আক্ষেপ কৰে নীলোৎপলৰ পিতৃয়ে।

উল্লেখ্য, ৰাজ্য কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৪ বছৰ ধৰি চলি আছে।বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া হোৱাটো চিন্তনীয় বুলি উল্লেখ কৰি ন্যায়পালিকাক গোচৰটোৰ সমিধান শীঘ্ৰে দিবলৈ অনুৰোধ জনায় পিতৃয়ে।

এইক্ষেত্ৰত চৰকাৰ আৰু সংগঠনসমূহকো উদ্যোগ লোৱাৰ বাবে আহ্বান জনায় আজি নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হোৱা নীলোৎপলৰ পিতৃয়ে। তথ্য অনুসৰি  বৰ্তমানলৈকে ৭০জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে।

বিপক্ষৰ অধিবক্তাৰ বাবেই বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া হৈছে বুলি অভিযোগত প্ৰকাশ। তাত্‍পৰ্যপূৰ্ণ য এতিয়াও এজন সাক্ষীৰ সাক্ষ্যগ্ৰহণ কৰিবলৈ বাকী।

উল্লেখ্য, অভি-নীল হত্যাকাণ্ডৰ ঘটনা কাৰ্বি আংলং জিলাৰ ডকমোকাত ২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল। ম'ব লিন্সিঙৰ সন্মুখীন হৈছিল ডকমোকালৈ ফুৰিবলৈ যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাস।

শেহতীয়া বাতৰি