• Home
  • »
  • News
  • »
  • assam
  • »
  • ৬ মাহ পূৰ্বেই সন্ধানহীন হৈছিল নাবালক পুত্ৰ, ফেচবুকৰ জৰিয়তে পুত্ৰৰ সন্ধান পালে পিতৃ-মাতৃয়ে

৬ মাহ পূৰ্বেই সন্ধানহীন হৈছিল নাবালক পুত্ৰ, ফেচবুকৰ জৰিয়তে পুত্ৰৰ সন্ধান পালে পিতৃ-মাতৃয়ে

ফেচবুকৰ এই পোষ্টটোৰ আত ধৰিয়েই আজি বৰপেটাত আহি উপস্থিত হয় নাবালকজনৰ পিতৃ–মাতৃ৷

ফেচবুকৰ এই পোষ্টটোৰ আত ধৰিয়েই আজি বৰপেটাত আহি উপস্থিত হয় নাবালকজনৰ পিতৃ–মাতৃ৷

ফেচবুকৰ এই পোষ্টটোৰ আত ধৰিয়েই আজি বৰপেটাত আহি উপস্থিত হয় নাবালকজনৰ পিতৃ–মাতৃ৷

  • Share this:
এগৰাকী মাতৃয়ে সুদীৰ্ঘ ছমাহ পিছত লাভ কৰিলে হেৰোৱা পুত্ৰক। লকডাউনৰ মাজতেই যোৱা মে’ মাহৰ ১৪ তাৰিখে বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল আবুল হুছেইন নামৰ এটি ১৫ নাবালক৷ ঘৰৰ ঠিকনা বা নিজৰ পৰিচয় দিব নোৱাৰা নাবালকজন তেতিয়াৰ পৰাই বৰপেটা জিলা শিশু কল্যাণ সমিতি আৰু জিলা সমাজ কল্যাণ বিভাগৰ উমৈহতীয়া প্ৰচেষ্টাত বৰপেটা জিলাৰ ভৱানীপুৰৰ কঁহৰাত থকা চাইল্ড কেয়াৰ ইনষ্টিটিউটৰ তত্বাৱধানত ৰখা হৈছিল।

শেহতীয়াভাৱে মনিৰুজ জামান নামৰ এজন সমাজ সচেতন যুৱকে নাবালকজনৰ সন্ধান বিচাৰি সামাজিক মাধ্যম ফেচবুকত এটা পোষ্ট কৰিছিল৷ ফেচবুকৰ এই পোষ্টটোৰ আত ধৰিয়েই আজি বৰপেটাত আহি উপস্থিত হয় নাবালকজনৰ পিতৃ–মাতৃ৷

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খুৰ্ছামাৰী গাঁৱৰ ৰহিম আলী আৰু কুলছুমা বিবিৰ সন্তানজন হঠাতে ঘৰৰ পৰা নোহোৱা হৈ পৰাৰ পিছত ফেচবুকত ল’ৰাজনৰ সন্ধান লাভ কৰি বৰপেটাৰ কঁহৰালৈ আহি হেৰোৱা পুত্ৰক ঘূৰাই পাই আনন্দৰ চকুলো টোকে পিতৃ–মাতৃয়ে। ইতিমধ্যে পিতৃ–মাতৃয়ে হেৰোৱা সন্তানটোক লৈ নিজ গৃহলৈ ৰাওনা হৈছে৷
Published by:Sanjay Kumar Das
First published: