নৱপ্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছৰ কৰাল গ্ৰাসত আজিৰ একাংশ নৱপ্ৰজন্ম ৷ ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবেই পিতৃ-মাতৃক প্ৰহাৰ নিজ সন্তানৰ ৷ জাগীৰোডৰ নখোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
অভিযোগ অনুসৰি, গাঁওখনত ভাৰাতীয়া হিচাপে বসবাস কৰা প্ৰসেনজিৎ মণ্ডল নামৰ যুৱকজনে দৈনিক সেৱন কৰে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য ৷ শুভম বসু নামৰ আন এজন যুৱকে যোগান ধৰে এই মাৰাত্মক ড্ৰাগছ ৷ ড্ৰাগছ কিনিবলৈ টকা বিচাৰি পুুুত্ৰই হাৰাশাস্তি কৰে পিতৃ-মাতৃক৷ দৈনিক দাবী কৰা ৫০০ৰ পৰা এহেজাৰ টকা নিদিলে পিতৃ-মাতৃক শাৰীৰিকভাৱেও প্ৰহাৰ কৰে ড্ৰাগছ আসক্ত নিজ পুত্ৰই ৷
টকা নিদিলে ঘৰৰ বয়–বস্তু বিক্ৰী কৰিবলৈ উদ্যত হয় এইজন যুৱকে ৷ পুত্ৰৰ অত্যাচাৰত ঘৰ এৰি আনৰ ঘৰত আশ্ৰয় লয় মাতৃয়ে ৷ এই অসহায় স্বীকাৰোক্তি প্ৰসেনজিৎ মণ্ডলৰ মাতৃৰ ৷ ড্ৰাগছ আসক্ত যুৱকজনে হেৰুৱাই পেলাইছে মানসিক ভাৰসাম্যও ৷ সম্প্ৰতি তেজপুৰত চিকিৎসা চলি আছে যদিও কিছুদিনৰ ভাবে নিজ ঘৰত থাকিবলৈ আহি পুনৰ ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে উচ্চশিক্ষিত যুৱকজন ৷
এই কথা যুৱকজনৰ মাতৃয়ে গাওঁবাসীক অৱগত কৰাত গাঁৱৰ মহিলাসকলে হাতেলোটে ধৰিবলৈ সক্ষম হয় দুই যুৱকক ৷ আৰু তাৰ পিছতে গতাই দিয়ে জাগীৰোড আৰক্ষীক ৷
এয়া মাথোঁ এটা সৰু উদাহৰণহে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এনে হাজাৰ হাজাৰ শিক্ষিত যুৱক এতিয়া মৃত্যুদূত ড্ৰাগছৰ কৰাল গ্ৰাসত ৷
উল্লেখ্য যে ৰাজ্যত দৈনিক ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তো আৰক্ষীৰ চকুত ধুলি দি একাংশ দুষ্টচক্ৰই চলাই গৈছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ নিজ মুনাফা আদায়ৰ লক্ষ্যৰে অন্ধকাৰলৈ ঠেলি দিছে উঠি অহা নৱপ্ৰজন্মক ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|