News18 AssamNews18 Assam
|
News18-Assam Updated:February 20, 2020, 1:03 PM IST
মই উপদেষ্টা হ'বলৈ বিচৰা নাই ৷ আপোনালোকে কৈ থাকক মই নস্যাৎ কৰি থাকিম— ড৹ পৰমানন্দ ৰাজবংশী
মই উপদেষ্টা হ'বলৈ বিচৰা নাই ৷ আপোনালোকে কৈ থাকক মই নস্যাৎ কৰি থাকিম— ড৹ পৰমানন্দ ৰাজবংশী
সদা বিতৰ্কিত ডঃ পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ আসন এৰাৰ পিছতো নতুনকৈ উপদেষ্টা পদ গঠন কৰি সাহিত্য সভাত নিজৰ ‘ৰাজত্ব’ চলাই যাব নে কি? সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা গল্পকাৰ কুল শইকীয়াৰ সলনি সাহিত্য সভাত সকলো সিদ্ধান্ত ডঃ পৰমানন্দ ৰাজবংশীয়েহে লৈ থাকিব নে কি? এনেধৰনৰ বিভিন্ন বিতৰ্কৰ মাজত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ দ্বিতীয়টো দিন আছিল অতিশয় গুৰুত্বপূৰ্ণ। দ্বিতীয় দিনৰ সূচীৰ অন্যতম হিচাপে বিবেচিত হৈছে কাৰ্যনিৰ্বাহক বৈঠকখন ৷ এই কাৰ্যনিৰ্বাহকতে সদ্য প্ৰাক্তন সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে সংবিধান সংশোধন কৰি উপদেষ্টা পদৰ সৃষ্টি কৰি উপদেষ্টা হ'বলৈ অভিসন্ধি ৰচাৰ কথা চৰ্চা চলিছে ৷ কিন্তু এই অভিযোগ পোনচাটেই নস্যাৎ কৰিছে পৰমানন্দ ৰাজবংশীয়ে
"অসম সাহিত্য সভাত সভাপতিৰ ওপৰত কোনো হ'ব নোৱাৰে ৷ পদ্মনাথ গোঁহাঞিবৰুৱাৰ পৰা কুলধৰ শইকীয়ালৈ অসম সাহিত্য সভাত সভাপতিয়েই মূল ৷ মই উপদেষ্টা হোৱাৰ ধৃষ্টতা কৰাও নাই আৰু নকৰোও ৷ ভাল লাগে আপোনালোকে এই কথাবোৰ কয়, আৰু মই নস্যাৎ কৰি থাকো ৷ কুলধৰ শইকীয়া এজন দক্ষ ব্যক্তি ৷ প্ৰশাসনিক দক্ষতা থকাৰ লগতে শইকীয়া ডাঙৰীয়া এজন ভাল গল্পকাৰ ৷ অসমবাসীয়ে তেওঁৰ ওপৰত যি আস্থা দেখুৱাইছে, সেই আস্থা মোৰো আছে ৷" অকল ইমানেই নহয় NEWS18ৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত সদ্য প্ৰাক্তন সভাপতি গৰাকীয়ে লগতে ক'লে,
"অসমীয়া ভাষাটোকলৈ বৰ্তমানৰ চৰকাৰখনে যথেষ্ট গুৰুত্ব দিছে ৷ শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে চৰকাৰী,বেচৰকাৰী সকলো বিদ্যালয়তে অসমীয়া ভাষা বাধ্যতামূলক কৰিছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়েও ভাষাটোক যথেষ্ট গুৰুত্ব দিছে ৷"
অসম চুক্তিৰ আত্মাস্বৰূপ ছয় নং দফা কাৰ্যকৰী হ'ব বুলি আশা প্ৰকাশ কৰি পৰমানন্দ ৰাজবংশীয়ে ক'লে,
"ছয় নং দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপ আদৰণীয় ৷ খিলঞ্জীয়াক ৰক্ষা কৱচ প্ৰদান কৰিব ছয় নং দফাই ৷"
প্ৰতিথযশা সাহিত্যিক য়েছে দৰজে ঠংছি পত্নীৰ অসুস্থতাৰ বাবেহে উপস্থিত থাকিব নোৱাৰে বুলি কৈ পৰমানন্দ ৰাজবংশীয়ে লগতে ক'লে,
"য়েছে ডাঙৰীয়াৰ লগত সঘন যোগাযোগ ৰাখিছো ৷ তেওঁক সাহিত্য সভাৰে জড়িত কৰা হৈছে ৷ পত্নীৰ অসুস্থতাৰ বাবেহে তেওঁ আহিব নোৱাৰে বুলি মোক ফোনযোগে জনাইছে ৷"