সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত বানান ভুল : পৰমানন্দ ৰাজবংশীয়ে ক’লে – ‘ভুলৰ বাবে মই দায়ী, ক্ষমা বিচাৰিছো’

News18 Assam | News18-Assam
Updated:February 4, 2020, 3:22 PM IST
সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত বানান ভুল : পৰমানন্দ ৰাজবংশীয়ে ক’লে – ‘ভুলৰ বাবে মই দায়ী, ক্ষমা বিচাৰিছো’
‘ইমৰাণ শ্বাহক মই ফোন কৰি মাতিছিলো। তেখেতে অসুস্থ বুলি ক’লে। তেওঁ আহিব বিচৰাহ’লে মই লৈ অনাৰ ব্যৱস্থা কৰিলোহেঁতেন।’ – মন্তব্য পৰমানন্দ ৰাজবংশীৰ।

‘ইমৰাণ শ্বাহক মই ফোন কৰি মাতিছিলো। তেখেতে অসুস্থ বুলি ক’লে। তেওঁ আহিব বিচৰাহ’লে মই লৈ অনাৰ ব্যৱস্থা কৰিলোহেঁতেন।’ – মন্তব্য পৰমানন্দ ৰাজবংশীৰ।

  • Share this:
সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ বানান ভুল, প্ৰাক্তন সভাপতিক আমন্ত্ৰণ নজনোৱা, চিঠিত নাম ছপা কৰি অতিথিক আমন্ত্ৰণ নজনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পৰমানন্দ ৰাজবংশীয়ে। ৰাজবংশীয়ে কয় যে শুৱালকুছি অধিৱেশনৰ সফলতাৰ কৃতিত্ব শুৱালকুছি বাসী আৰু হিমন্ত বিশ্ব শৰ্মাৰ। সকলো ভুলৰ বাবে মই দায়ী। তাৰ বাবে মই ক্ষমা খুজিছো।

‘ইমৰাণ শ্বাহক মই ফোন কৰি মাতিছিলো। তেখেতে অসুস্থ বুলি ক’লে। তেওঁ আহিব বিচৰাহ’লে মই লৈ অনাৰ ব্যৱস্থা কৰিলোহেঁতেন। স্মৃতিগ্ৰন্থৰ দায়িত্বত থকাসকলক এবাৰ আমাক দেখুৱাবলৈ কৈছিলো। কিন্তু আমাক নেদেখুৱালে। ভুল ময়েই মূৰ পাতি লৈছো।’ – মন্তব্য পৰমানন্দ ৰাজবংশীৰ।

আজিৰ পিছত কেনেদৰে সভাৰ সৈতে জড়িত হ’ব সেই সন্দৰ্ভত পৰমানন্দ ৰাজবংশীয়ে কয় – নতুন সমিতিখনে অকলে ভালদৰে চলাব নোৱাৰিব। মই সহায় কৰিব লাগিব, মই চলাই যাম। সাহিত্য সভাত হিন্দী গীতৰ অনুষ্ঠানক লৈ ৰাজবংশীয়ে কয় যে আমি হিন্দী গীত গোৱাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰো।
আৰু চাওক
পৰৱৰ্তী বাতৰি