• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজনীতিৰ পথাৰত খোজ দিব পৰমানন্দ ৰাজবংশীয়ে! কোন দলত কৰিব যোগদান?

ৰাজনীতিৰ পথাৰত খোজ দিব পৰমানন্দ ৰাজবংশীয়ে! কোন দলত কৰিব যোগদান?

পোনপটীয়াকৈ নক’লেও ৰাজনৈতিক পথাৰত ভৰি দি গৃহ সমষ্টি ছিপাঝাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে পৰমানন্দ ৰাজবংশীয়ে।

পোনপটীয়াকৈ নক’লেও ৰাজনৈতিক পথাৰত ভৰি দি গৃহ সমষ্টি ছিপাঝাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে পৰমানন্দ ৰাজবংশীয়ে।

পোনপটীয়াকৈ নক’লেও ৰাজনৈতিক পথাৰত ভৰি দি গৃহ সমষ্টি ছিপাঝাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে পৰমানন্দ ৰাজবংশীয়ে।

  • Share this:
"মই ৰাজনীতিৰ পথাৰত খোজ দিম, জাতীয়তাবাদী চিন্তা চৰ্চাত অগ্ৰাধিকাৰ দিম" – ছিপাঝাৰত এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ।

বিধান সভা নিৰ্বাচন সমাগত। কোৰোণা মহামাৰীৰ মাজতে ৰাজনৈতিক দলসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। আনফালে চলিছে ৰাজনৈতিক দল গঠন কৰাৰ কুচকাৱাজ। তেনে সময়তে একাংশ ন ন প্ৰাৰ্থীৰ আগমন ঘটাৰ কথা পোহৰলৈ আহিছে। এটা সময়ত অসম সাহিত্য সভাত দপদপাই থকা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে এতিয়া মন মেলিছে ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ।

শনিবাৰে ছিপাঝাৰত উপস্থিত হৈ এই কথা সাংবাদিকৰ আগত স্পষ্টকৈ  প্ৰকাশ কৰে পৰমানন্দ ৰাজবংশীয়ে। ছিপাঝাৰৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্নজনৰ লগত মত বিনিময়ো কৰে এই সন্দৰ্ভত। দৰং জিলাৰ ভিতৰতে সমষ্টি নিৰ্ধাৰণ কৰিম আৰু জাতীয়তাবাদী চিন্তা–চৰ্চাত অগ্ৰাধিকাৰ দিয়া দলৰ সৈতে আপোচ কৰিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পৰমানন্দ ৰাজবংশীয়ে। ৰাজনীতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱ আনিব বিচাৰে বুলিও মন্তব্য কৰে পৰমানন্দ ৰাজবংশীয়ে।

"প্ৰতিটো দলৰ ফালৰ পৰা অফাৰ আহিছে কিন্তু অসম গণ পৰিষদক সঠিক দিশত লৈ আনিব বিচাৰো" – কোন দলত যোগদান কৰিব সেই কথা পোনপটীয়াকৈ  নক’লেও অসম গণ পৰিষদ বা আছুই গঠন কৰা দলৰ হৈ আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত দিলে পৰমানন্দ ৰাজবংশীয়ে।

পোনপটীয়াকৈ নক’লেও ৰাজনৈতিক পথাৰত ভৰি দি গৃহ সমষ্টি ছিপাঝাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে পৰমানন্দ ৰাজবংশীয়ে। ছিপাঝাৰ সমষ্টিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ আগমনে বহুতৰে অংকত আউল লগাব, এই কথা ইতিমধ্যে চৰ্চিত হৈছে। ৰাজবংশীয়ে যদি অসম গণ পৰিষদত যোগ দিয়ে, অগপলৈ পুনৰ ঘূৰি অহা প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা কি হ’ব ৰাজনৈতিক ভৱিষ্যত? আনফালে চৰ্চা চলিছে ছিপাঝাৰ সমষ্টিত বিজেপিৰে মিত্ৰতা হ’ব নেকি অসম গণ পৰিষদৰ। যদি সেয়া হয়, তেন্তে কি হ’ব তিনিবাৰকৈ  বিধায়ক হোৱা  বিনন্দ শইকীয়াৰ? এতিয়া পৰমানন্দ ৰাজবংশীৰ ৰাজনৈতিক পথাৰত আগমনক লৈ ছিপাঝাৰ সমষ্টিত সৰ্বত্ৰে চলিছে চৰ্চা।
Published by:Sanjay Kumar Das
First published: