உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'No one killed Parag Das' ! হত্যাৰ ২৫ বছৰৰ পাছতো সন্ধান নোলাল পৰাগ দাসৰ হত্যাকাৰীৰ

    'No one killed Parag Das' ! হত্যাৰ ২৫ বছৰৰ পাছতো সন্ধান নোলাল পৰাগ দাসৰ হত্যাকাৰীৰ

    Central Bureau of Investigation চমুকৈ CBIয়ে কামৰূপ জিলা আৰু সত্ৰ ন্যায়ালয়ত ২০০১চনত অভিযোগনামা দাখিল কৰি চাৰিজন আত্মসমৰ্পণ কৰা সংযুক্ত মুক্তি বাহিনী, অসমৰ নেতা/সদস্যক অভিযুক্ত কৰিছিল ।

    Central Bureau of Investigation চমুকৈ CBIয়ে কামৰূপ জিলা আৰু সত্ৰ ন্যায়ালয়ত ২০০১চনত অভিযোগনামা দাখিল কৰি চাৰিজন আত্মসমৰ্পণ কৰা সংযুক্ত মুক্তি বাহিনী, অসমৰ নেতা/সদস্যক অভিযুক্ত কৰিছিল ।

    Central Bureau of Investigation চমুকৈ CBIয়ে কামৰূপ জিলা আৰু সত্ৰ ন্যায়ালয়ত ২০০১চনত অভিযোগনামা দাখিল কৰি চাৰিজন আত্মসমৰ্পণ কৰা সংযুক্ত মুক্তি বাহিনী, অসমৰ নেতা/সদস্যক অভিযুক্ত কৰিছিল ।

    • Share this:
    ২৫টা বছৰ গৰকিল পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডই । ১৯৯৬ চনৰ আজিৰ দিনটোতে (মে’ ১৭) দুৰ্বৃত্তই দিন-দুপৰতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গুলীয়াই হত্যা কৰিছিল জ্যেষ্ঠ সাংবাদিক, প্ৰতিদিন কাকতৰ কাৰ্যকৰী সম্পাদক পৰাগ কুমাৰ দাসক । দাসৰ পুত্ৰ সেই সময়ত পিতৃৰ নিচেই কাষত আছিল আৰু তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। তাৰ দুদিনৰ আগতে (মে’ ১৫) প্ৰফুল্ল কুমাৰ মহন্তই দ্বিতীয়বাৰৰ কাৰণে অসম গণ পৰিষদৰ নেতৃত্বত অসমৰ শাসনৰ বাঘজৰী হাতত লৈছিল । তেওঁ ৪৮ ঘণ্টাৰ ভিতৰত পৰাগ দাসৰ হত্যাকাৰীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

    Central Bureau of Investigation চমুকৈ CBIয়ে কামৰূপ জিলা আৰু সত্ৰ ন্যায়ালয়ত ২০০১চনত অভিযোগনামা দাখিল কৰি চাৰিজন আত্মসমৰ্পণ কৰা সংযুক্ত মুক্তি বাহিনী, অসমৰ নেতা/সদস্যক অভিযুক্ত কৰিছিল । তেতিয়ালৈ তাৰে দুজনৰ মৃত্যু হৈছিল আৰু এজনৰ ২০০৩চনত মৃত্যু হৈছে । আন দুজন সন্দেহৰ আৱৰ্তত থকা লোকৰ নাম অভিযোগনামাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । তাৎপৰ্যপূৰ্ণ ভাবে ২০০৯চনত একমাত্ৰ জীৱিত অভিযুক্তজনক ন্যায়ালয়ে উপযুক্ত প্ৰমাণৰ অভাৱত দোষমুক্ত কৰিছিল ।

    দিল্লীৰ চেইণ্ট ষ্টিফেন্স কলেজৰ পৰা ৮০ৰ দশকতে অৰ্থনীতিত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা পৰাগ দাসে দ্য স্কুল অৱ ইক’নমিক্সৰ পৰা স্নাতককোত্তৰ ডিগ্ৰী লাভ কৰিছিল । অতি উচ্চ পদস্থ চাকৰি তেওঁ ত্যাগ কৰি সাংবাদিকতা আৰম্ভ কৰিছিল। অসমৰ সংবাদ জগতত তেওঁ এক নতুন ধৰাৰ সূচনা কৰিছিল ।

    ‘পৰাগ দাসৰ সান্নিধ্যত’ গ্ৰন্থখনৰ স্ৰষ্টা আৰু দাসৰ একালৰ সতীৰ্থ মনোৰম গগৈয়ে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কয় – “আগতে সংবাদগোষ্ঠী সমূহ অসমৰ বিভিন্ন প্ৰান্তৰ খবৰৰ কাৰণে সেই স্থানৰ চৰকাৰী বিষয়াৰ ওপৰত নিৰ্ভৰশীল আছিল; গুৱাহাটীৰ পৰা স্থানীয় DC/SPক ফোন কৰি খবৰ সংগ্ৰহ কৰিছিল । ইয়াৰ  বিপৰীতে গৈ পৰাগ দাসে On the Spot সংবাদ সেৱাৰ সূচনা কৰিছিল । বাতৰি কাকত আৰম্ভ কৰাৰ প্ৰথম দিনটোৰ পৰাই তেওঁ কৈছিল – ‘আমি চকুৰে নেদেখাকৈ, তথ্য সংগ্রহ নকৰাকৈ তথা নিজৰ বিশ্বাস নোহোৱাকৈ এটা কথাও নিলিখো।‘ পিছত অন্য গোষ্ঠীসমূহেও এই প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰিলে। ফলত অসমৰ সৰু বৰ সকলো ঠাইতে সংবাদদাতাৰ আত্মপ্ৰকাশ ঘটিল ।  সাংবিদকতাৰ মানচিত্ৰ খনত সমগ্ৰ অসম অন্তৰ্ভূক্ত হ’ল ।"

    বিছিন্নতাবাদৰ প্ৰসংগটোত গগৈয়ে কয় – "পৰাগ দাসে কেতিয়াও ভাৰতৰ পৰা পৃথক হোৱাৰ পোষকতা কৰা নাই । তেওঁৰ চিন্তাধাৰাৰ ভুল বাখ্যা এচামে দিব বিচাৰে। ‘স্বাধীনতাৰ প্ৰস্তাৱ’ত তেওঁ অসমকে ধৰি  ভাৰতৰ আন-আন ৰাজ্যৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক ভাৰতে স্বীকৃতি দিয়াটোহে বিচাৰিছিল। তেওঁ দিল্লীৰ পৰা পৰিচালিত অতি কেন্দ্ৰিক ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। তেওঁ সম্পদৰ অধিকাৰ ৰাজ্যৰ লগতে থকাৰ পোষকতা কৰিছিল।তেওঁ বিচাৰিছিল এখন অৰ্থনৈতিক ভাবে স্বাৱলম্বী সমাজ, যি সমাজত সকলো জাতি জনগোষ্ঠীৰ মৰ্যাদা আৰু আত্মসন্মান সুৰক্ষিত হৈ থাকে।"

    আনহাতে, বিশিষ্ট উদ্যোগী শ্যামকানু মহন্তই এটা ফেচবুক পোষ্টৰ যোগেদি পৰাগ দাসক ৰোমন্থন কৰি কয় – “বলিষ্ঠ সাংবাদিক, নিভাঁজ অসমপ্ৰেমী, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যুৰ ২৫ বছৰ হ'ল। কিন্তু হত্যাকাৰীৰ আজি পৰ্যন্ত চিনাক্তকৰণ নহ'ল বা তেখেতৰ হত্যাকাণ্ডই ন্যায় নাপালে। ইমান দিনে তেখেতৰ হত্যাই ন্যায় লাভ নকৰাটো দেশৰ ন্যায় ব্যৱস্থাৰ বাবেই অতি দুখৰ কথা।
    Published by:Himangshu Bhuyan
    First published: