• Home
  • »
  • News
  • »
  • assam
  • »
  • বিহুৰ সম্ৰাট প্ৰয়াত খগেন মহন্তৰ আজি জন্মদিন, ছচিয়েল মিডিয়াত পুত্ৰ পাপনৰ এক আবেগিক পোষ্ট

বিহুৰ সম্ৰাট প্ৰয়াত খগেন মহন্তৰ আজি জন্মদিন, ছচিয়েল মিডিয়াত পুত্ৰ পাপনৰ এক আবেগিক পোষ্ট

খগেন মহন্তক অসমীয়া লোকসংগীতৰ এগৰাকী প্ৰখ্যাত নাম যাক ‘বিহুৰ সম্ৰাট’ বুলি কোৱা হয়।

খগেন মহন্তক অসমীয়া লোকসংগীতৰ এগৰাকী প্ৰখ্যাত নাম যাক ‘বিহুৰ সম্ৰাট’ বুলি কোৱা হয়।

খগেন মহন্তক অসমীয়া লোকসংগীতৰ এগৰাকী প্ৰখ্যাত নাম যাক ‘বিহুৰ সম্ৰাট’ বুলি কোৱা হয়।

  • Share this:
গণশিল্পী প্ৰয়াত খগেন মহন্তৰ আজি জন্মদিন। তেখেত অসমীয়া লোকসংগীতৰ এগৰাকী প্ৰখ্যাত নাম যাক ‘বিহুৰ সম্ৰাট’ বুলি কোৱা হয়। মহন্তৰ বিহু গীত আৰু অন্যান্য লোকগীত অসমত জনসাধাৰণৰ মাজত জনপ্ৰিয়। তেখেতৰ জন্ম ১৯৪২ চনৰ ১৭ আগষ্টত হৰেন্দ্ৰ নাথ মহন্ত আৰু লক্ষীপ্ৰিয়া দেৱীৰ ঘৰত নগাঁৱত হয়। উল্লেখযোগ্য যে, তেখেতে ১৫ বছৰ বয়সতে শ্বিলঙৰ এটা সংগীতানুষ্ঠানত প্ৰদৰ্শন কৰি নিজৰ গানৰ জীৱন আৰম্ভ কৰে।

১৯৫৮ চনত দিল্লীৰ দূৰদৰ্শন কেন্দ্ৰত এটা অনুষ্ঠান কৰাৰ সুযোগ পাইছিল যিয়ে সফলতাৰ লাভ কৰে, ফলত খগেন মহন্তই ৰাইজৰ আকৰ্ষণ কেন্দ্ৰ বিন্দু হৈ পৰে। উল্লেখনীয় যে, তেখেতৰ প্ৰথমটো গ্ৰামোফোন ৰেকৰ্ডিং গীত গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ’ত ১৯৬১ চনত সম্প্ৰচাৰিত হয়। খগেন মহন্তক অল ইণ্ডিয়া ৰেডিঅ’ৰ এ গ্ৰেড শিল্পী আছিল আৰু তেখেতে সহস্ৰাধিক লোকসংগীত, পৰম্পৰাগত, ধৰ্মীয়, সুগম সংগীত আদি গ্ৰামোফোন ডিস্কত এইচ এম ভিৰ দ্বাৰা ৰেকৰ্ড কৰিছিল।

বিহুগীতক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ যোৱা শিল্পীগৰাকীয়ে ১৯৮৮ চনত ফিল্ম ক্ৰাফট এৱাৰ্ড, ১৯৯২ চনত সংগীত নাটক অকাডেমি বঁটা, ১৯৯৪ চনত শ্ৰীময় বঁটা আৰু ১৯৯৯ চনত সংগীতাচাৰ্য বঁটা লাভ কৰে আৰু লগতে বহু সংগীত বঁটা লাভ কৰিছিল সক্ষম হৈছিল শিল্পী খগেন মহন্তই৷ ইয়াৰ উপৰিও, খগেন মহন্তই অসমীয়া লোকসংগীতৰ বিভিন্ন ভাগ যেনে লোকগীত, অকণি গীত, সংগীত আৰু নাটকত তেখেতৰ অপাৰ অৱদান আছে।

বিশেষ যে, তেখেতে পত্নী তথা অসমীয়া লোকসংগীতকাৰ অৰ্চনা মহন্তৰ সৈতে একেলগে বহুতো গীত পৰিৱেশল কৰি খ্যাতি অৰ্জন কৰে। শিল্পী খগেন মহন্তৰ পুত্ৰ অংগৰাগ মহন্ত (পাপন) এগৰাকী জলপ্ৰিয় গীতিকাৰ। পাপনে দেউতাক খগেন মহন্তৰ জন্মদিন উপলক্ষে নিজৰ সামাজিক মাধ্যমত এটা পোষ্ট কৰি নিজৰ গুৰু বুলি সম্বোধিত কৰে আৰু দেউতাকক জন্মদিনৰ শুভেচ্ছা জনায়। পাপনে দেউতাকক প্ৰতিদিনে মনত কৰাৰ কথা উক্ত পোষ্টোত উল্লেখ কৰাৰ লগতে ধন্যবাদ জনায়।

‘কলৰে পাততে কাউৰী পৰে’, ‘মা আমি শদিয়ালৈ যামেই’, ‘জোনটি ওলালে তৰাটি ওলাব’, ‘পাৰৰ পাখিত গাঁঠি দিলো’ ‘পাহাৰে পাহাৰে’, ‘ৰাংঢালী ছোৱালী’ আদি গীতেৰে যথেষ্ট খ্যাতি অৰ্জন কৰা শিল্পী, গীতিকাৰ তথা সুৰকাৰ খগেন মহন্তই অসমীয়া থলুৱা গীতক এক বিশেষ স্থান প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এয়ে মোৰ শেষ গান গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি