আজি পাপনৰ জন্মদিন, ৪৪ বছৰত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে

Sanjay Kumar Das | News18-Assam
Updated:November 24, 2019, 10:51 AM IST
আজি পাপনৰ জন্মদিন, ৪৪ বছৰত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে
Photo : bollywoodhungama.com

পাপন বৰ্তমান মুম্বাইত ব্যস্ত আছে যদিও পাপনিষ্টসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিছে আপোন শিল্পীগৰাকীৰ ওপজা দিন।

  • News18 Assam
  • Last Updated: November 24, 2019, 10:51 AM IST
  • Share this:
আজি জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওপজা দিন। ৪৪ বছৰত ভৰি দিলে অসমবাসীৰ অতি মৰমৰ পাপনে। পাপন বৰ্তমান মুম্বাইত ব্যস্ত আছে যদিও পাপনিষ্টসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিছে আপোন শিল্পীগৰাকীৰ ওপজা দিন।

সদৌ অসম পাপনিষ্টৰ উদ্যোগত মহানগৰীৰ দীঘলীপুখুৰী পাৰত আয়োজন কৰা হৈছে এক অনুষ্ঠানৰ। পুৱা ৯ বজাত গণশিল্পী খগেন মহন্ত উদ্যানত বন্তি প্ৰজ্বলন কৰা হ’ব। দুপৰীয়া ১২ বজাত শুক্ৰেশ্বৰ দেৱালয়, গুৱাহাটী ক্লাবৰ জামে মছজিদত ভোজন বিতৰণ কাৰ্যসূচী। সন্ধিয়া ৫ বজাত কেক কটা আৰু লঘু আহাৰ বিতৰণ কৰা হ’ব। সন্ধিয়া ৬ বজাত আমন্ত্ৰিত শিশু শিল্পীৰ লগতে সমূহ পাপনিষ্টৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আনহাতে, মৰিগাঁও পাপনিষ্টৰ সৌজন্যত আৰু নগাঁও পাপনিষ্টৰ সহযোগতো পালন কৰা হ’ব অংগৰাগ পাপন মহন্তৰ জন্মদিন। মৰিগাঁৱৰ জিলা শিশু সুৰক্ষা গৃহত আয়োজন কৰা অনুষ্ঠানত সকলোৰে সহায়–সহযোগিতা কামনা কৰিছে পাপনিষ্টসকলে।

News18 অসমৰ ফালৰ পৰাও পাপনলৈ থাকিল ওপজা দিনৰ ওলেখ শুভকামনা।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি