உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nimatighat Boat Tragedy : নিমাতীঘাটত সেইদিনা যেন ঈশ্বৰৰ দূত হৈ আহিছিল পাপলু, আজি পাপলুক বিচাৰি উলিয়ালে প্ৰাণ ৰক্ষা পৰা প্ৰস্তুতিয়ে

    Nimatighat Boat Tragedy : নিমাতীঘাটত সেইদিনা যেন ঈশ্বৰৰ দূত হৈ আহিছিল পাপলু, আজি পাপলুক বিচাৰি উলিয়ালে প্ৰাণ ৰক্ষা পৰা প্ৰস্তুতিয়ে

    Nimatighat Boat Tragedy : পাপলুৱে ৰক্ষা কৰিছিল মাজুলীৰ উপৰকাটনি গাঁৱৰ প্ৰস্তুতি হাজৰিকাকো। নিজৰ জীৱনকো তুচ্ছ কৰি প্ৰাণ ৰক্ষা কৰাৰ বাবে  প্ৰস্তুতিয়ে বিচাৰি আহি পাপলু টাইডক এখন গামোচা পিন্ধাই সম্বৰ্দ্ধনা জনায়।

    • Share this:

    ৮ ছেপ্তেম্বৰত সংঘটিত হোৱা নিমাতীঘাটৰ ভয়াৱহ ফেৰী দুৰ্ঘটনা (Nimatighat Boat Tragedy)ৰ সময়ত কাইবাজনো লোকে নিজৰ জীৱনকো তুচ্ছ কৰি ৰক্ষা কৰিবলৈ সক্ষম হৈছিল লুইতৰ বুকুত বুৰ যোৱা বহু লোকৰ জীৱন। সেই শিহৰণকাৰী দুৰ্ঘটনাৰ সময়ত মাজুলীৰ চেলেক গাৱৰ পাপলু টাইডে (Paplu Taid) নিজে ৰক্ষা পৰাৰ পাছত ৫ গৰাকী লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

    পাপলুৱে ৰক্ষা কৰিছিল মাজুলী (Majuli)ৰ উপৰকাটনি গাঁৱৰ প্ৰস্তুতি হাজৰিকাকো। নিজৰ জীৱনকো তুচ্ছ কৰি যুৱতীগৰাকীৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে আজীৱন কৃতজ্ঞ হৈ থাকিব প্ৰস্তুতি। এই কৃতজ্ঞতাৰ চিনস্বৰূপে আজি প্ৰস্তুতিয়ে বিচাৰি আহি পাপলু টাইডক এখন গামোচা পিন্ধাই সম্বৰ্দ্ধনা জনায় ।

    প্ৰস্তুতিয়ে ক'লে যে পাপলু টাইড মোৰ কাৰণে ভগৱান। আনহাতে প্ৰস্তুতিৰ দেউতাকে ক'লে,  "পাপলুৰ ওচৰত মই চিৰ ঋণী। এই ধাৰ শুজিব নোৱাৰোঁ।"
    Published by:Manjumoni Borah
    First published: