খবৰ অনুসৰি, পঞ্জাৱ কংগ্ৰেছৰ শেহতীয়া স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক ইস্তফা দিয়াৰ নিৰ্দেশ দিছে কংগ্ৰেছ হাইকামাণ্ডে। আজি বিয়লি পাঁচ বজাত পঞ্জাৱ কংগ্ৰেছৰ উচ্চ স্তৰীয় বৈঠক আছে। বৈঠকত উপস্থিত থাকিব পঞ্জাৱৰ পৰ্যবেক্ষক কংগ্ৰেছ নেতা অজয় মাকেন। লগতে শুনিবলৈ পোৱা গৈছে যে, যদি দলে পদত্যাগ কৰিবলৈ কয়, তেন্তে অমৰিন্দৰ সিঙে দলত্যাগো কৰিব পাৰে।
শেহতীয়াকৈ পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নভজ্যোত সিং সিদ্ধুৰ শিবিৰে দাবী কৰা মতে, দলৰ হাইকামাণ্ডে অমৰিন্দৰ সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিবলৈ নিৰ্দেশ দিছে। এই খবৰ বিয়পি পৰাৰ কিছু সময়ৰ পিছতে অমৰিন্দৰ সিঙে জনাই যে, এনেদৰে আৰু মুখ্যমন্ত্ৰী পদত বহি থাকিব নোৱাৰি।
সূত্ৰৰ খবৰ অনুসৰি, দুপৰীয়া দুই বজাৰ পৰা অমৰিন্দৰ সিঙে নিজৰ সমৰ্থকৰ সৈতে এখন বৈঠকত ভাগ লৈছে। কেপ্টেইনে কৈছে যে, যদি দলে বিচাৰে তেন্তে তেওঁ স-সন্মানে পদত্যাগ কৰিব। ইতিমধ্যে দলৰ হাইকামাণ্ডৰ ফালৰ পৰা এজন নতুন নেতা নিৰ্বাচিত কৰাকলৈ চিন্তা-চৰ্চা চলিছে।
দলৰ একংশই কোনো হিন্দু নেতা বিচাৰিছে এই পদটোৰ বাবে। সেই ক্ষেত্ৰত পৰিষদীয় বৈঠকত দলীয় নেতা হিচাপে নভজ্যোত সিং সিদ্ধুৰ লগতে সুনীল ঝাকাৰৰ নাম চৰ্চালৈ আহিব পাৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ অফিচৰ ফালৰ পৰা এইলৈ কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই। কিন্তু অমৰিন্দৰে পদত্যাগ কৰিলে তেওঁৰ ঠাইত সুনীল ঝাকাৰক বহুৱাব পাৰে বুলি এনে এক ইংগিত দিছে সুনীলে নিজে।
তাৰ মাজতে শুনিবলৈ পোৱা গৈছে যে, অমৰিন্দৰ সিং আজিৰ পৰিষদীয় দলৰ বৈঠকত উপস্থিত নাথাকিবও পাৰে। ইতিমধ্যে অমৰিন্দৰে কমল নাথ আৰু মনীষ তিৱাৰীৰৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|