প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উজনি অসম ভ্ৰমণ কৰাৰ প্ৰকমুহূৰ্তত আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত এটা পৰিত্যক্ত বেগক লৈ বোমাতংকৰ সৃষ্টি হয়। জানিব পৰা মতে, আজি দিনৰ প্ৰায় ১ ২বজাত সোণাৰি নগৰৰ অসম-নাগালেণ্ড পথৰ চেনিগুদাম অঞ্চলত পদপথত থকা এখন দোকানৰ সন্মুখত এটা গৰাকীবিহীন বেগ দীৰ্ঘ সময় ধৰি পৰি থকা অৱস্থাত প্রত্যক্ষ কৰি স্থানীয় ৰাইজে সোণাৰি আৰক্ষী থানাত খবৰ দিয়ে।
ঘটনাৰ খবৰ পোৱা মাত্ৰকেই চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজ সিং সহিতে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা বৃহৎ দলৰ লগতে সেনা আৰু চি আৰ পি এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ পথটো সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ সমান্তৰালভাৱে ওচৰ–পাজৰৰ ব্যৱসায়ীসকলেও আতংকিত হৈ নিজ নিজ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰমুৱা হয়। মুঠতে এক শাসৰুদ্ধ পৰিৱেশ।
আৰক্ষী, সেনা আদিয়ে নিজ নিজ ঊৰ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি স্নিফাৰ ডগকে ধৰি বোমা বিশেষজ্ঞ অনাৰ যো–জা চলাই থকাৰ সময়তে বেগৰ গৰাকী ঘটনাস্থলীত উপস্থিত হৈ বেগটো তেওঁৰ বুলি আৰক্ষীক জনায়। পিছত আৰক্ষীয়ে বেগটো তন্ম তন্ন কৈ তালাচী চলাই বেগটোৰ পৰা কাপোৰ–কানিহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱকজনক সম্প্ৰতি আৰক্ষীয়ে সোণাৰি থানাত অধিক সোধা–পোছা অব্যাহত ৰাখিছে।
বেগটো থৈ মদ্যপান কৰিবলৈ যোৱা যুৱকজন নাগালেণ্ডৰ মন জিলাত জেচিবিৰ চালক আৰু তেওঁৰ ঘৰ শিৱসাগৰত। ঘৰৰ পৰা নাগালেণ্ড অভিমুখে গৈ থকা যুৱকজন নাগালেণ্ডলৈ যোৱা গাড়ীৰ বাবে অপেক্ষা কৰি বেগটো উক্ত স্থানত থৈ মদ্যপান কৰিবলৈ গৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|