
মহানগৰীৰ পাণ্ডুস্থিত নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ পাৰত মৃত শিহু এটি প্রত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। ইয়াৰ পিছতে লংকেশ্বৰস্থিত খণ্ড বন বিষয়া কাৰ্যালয়ৰ লোক উপস্থিত হৈ শিহুটি উদ্ধাৰ কৰে ।
মহানগৰীৰ পাণ্ডুস্থিত নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ পাৰত মৃত শিহু এটি প্রত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। ইয়াৰ পিছতে লংকেশ্বৰস্থিত খণ্ড বন বিষয়া কাৰ্যালয়ৰ লোক উপস্থিত হৈ শিহুটি উদ্ধাৰ কৰে ।
মহানগৰীৰ পাণ্ডুত উদ্ধাৰ এটি মৃত শিহু । শুকুৰবাৰে পুৱা পাণ্ডুস্থিত নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ পাৰত মৃত শিহুটি প্রত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। ইয়াৰ পিছতে লংকেশ্বৰস্থিত খণ্ড বন বিষয়া কাৰ্যালয়ৰ লোক উপস্থিত হৈ শিহুটি উদ্ধাৰ কৰে । তাৰ পিছত মৃত শিহুটিক মৰণোত্তৰ পৰীক্ষা বাবে লংকেশ্বৰলৈ অনা হয় ।
মৃত শিহুটিৰ ওজন ৩ কুইণ্টলৰ অধিক বুলি জানিব দিয়ে বন বিষয়াই ।এতিয়ালৈ শিহুটিৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । মৰণোত্তৰ পৰীক্ষাৰ পিছত শিহুটিক লংকেশ্বৰস্থিত খণ্ড বন বিষয়া কাৰ্যালয়ৰ চৌহদত গাত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|