ধুবুৰীত পঞ্চায়ত সভাপতিৰ জঘন্য কাণ্ড, এগৰাকী বিধৱা মহিলাক বলাৎকাৰৰ চেষ্টা

News18 Assam | News18-Assam
Updated:July 15, 2020, 9:25 AM IST
ধুবুৰীত পঞ্চায়ত সভাপতিৰ জঘন্য কাণ্ড, এগৰাকী বিধৱা মহিলাক বলাৎকাৰৰ চেষ্টা
পঞ্চায়ত সভাপতি ছোৰাফ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে সোমবাৰে নিশা দহ বজাত ঘৰত অনধিকাৰ প্ৰৱেশ কৰি  যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়।

পঞ্চায়ত সভাপতি ছোৰাফ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে সোমবাৰে নিশা দহ বজাত ঘৰত অনধিকাৰ প্ৰৱেশ কৰি  যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়।

  • Share this:
ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ভাটিপেটলা গাঁৱত পঞ্চায়ত সভাপতিৰ কুকাণ্ড। কু-কাণ্ডৰ নায়ক পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতি  ছোৰাফ আলী শ্বেখ। সভাপতি ছোৰাফ আলী শ্বেখে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি এগৰাকী বিধৱা মহিলাক বলাৎকাৰৰ চেষ্টা চলায়।

পঞ্চায়ত সভাপতি ছোৰাফ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে সোমবাৰে নিশা দহ বজাত ঘৰত অনধিকাৰ প্ৰৱেশ কৰি  যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়। ঘটনা বিষম দেখি ভুক্তভোগী মহিলাগৰাকীয়ে চিঞৰবাখৰ কৰাত স্থানীয় ৰাইজ গোট খোৱাত ছোৰাফে কোনোমতে ঘটনাস্থলীৰ পলাই যাবলৈ সক্ষম হয়। অভিযুক্ত ছোৰাফৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে পাগলাহাট আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে মঙলবাৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে যদিও ছোৰাফ এতিয়াও পলাতক অৱস্থাত আছে।
Published by: Sanjay Kumar Das
First published: July 15, 2020, 9:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি