உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জবকাৰ্ডৰ টকা খাই বৰ্খাস্ত হ'ল পঞ্চায়ত সভাপতি, আৰক্ষী ভাতৃৰ নামতো বনাইছিল জবকাৰ্ড

    জবকাৰ্ডৰ টকা খাই বৰ্খাস্ত হ'ল পঞ্চায়ত সভাপতি, আৰক্ষী ভাতৃৰ নামতো বনাইছিল জবকাৰ্ড

    নাহৰকটীয়া মেৰবিল পঞ্চায়তৰ সভাপতি জুনটি বড়াই সভাপতিগৰাকীয়ে অসম পুলিচত কৰ্মৰত নিজৰ ভাতৃৰ নামতো জবকাৰ্ড উলিয়াই ধন আত্মসাৎ কৰিছিল।

    নাহৰকটীয়া মেৰবিল পঞ্চায়তৰ সভাপতি জুনটি বড়াই সভাপতিগৰাকীয়ে অসম পুলিচত কৰ্মৰত নিজৰ ভাতৃৰ নামতো জবকাৰ্ড উলিয়াই ধন আত্মসাৎ কৰিছিল।

    নাহৰকটীয়া মেৰবিল পঞ্চায়তৰ সভাপতি জুনটি বড়াই সভাপতিগৰাকীয়ে অসম পুলিচত কৰ্মৰত নিজৰ ভাতৃৰ নামতো জবকাৰ্ড উলিয়াই ধন আত্মসাৎ কৰিছিল।

    • Share this:
    দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ অৱশেষত সভাপতি পদৰ পৰা বৰ্খাস্ত হ'ল নাহৰকটীয়া মেৰবিল পঞ্চায়তৰ সভাপতি জুনটি বড়া। উল্লেখযোগ্য যে সভাপতি গৰাকীয়ে অসম পুলিচত কৰ্মৰত নিজৰ ভাতৃক তেওঁ পৰিয়ালত থকা এমজিএনৰেগা (MGNREGA)ৰ S১৭০১৩০০৪০২৫/১৩ নম্বৰ জব কাৰ্ড (Job Card)ত সন্নিবিষ্ট কৰি হাজিৰা কৰা দেখুৱাই চৰকাৰী ধন আত্মসাৎ কৰি আহিছিল। আনকি চতুদৰ্শ বিত্তীয় আয়োগৰ আঁচনিৰ অধীনত  নিজৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত শৌচালয় আৰু যোগাভ্যাস কেন্দ্ৰ স্থাপন কৰি মেৰবিল পঞ্চায়ত খনতে ব্যাপক দুৰ্নীতি আৰু স্বজন তোষণ অব্যাহত ৰাখিছিল।

    শেহতীয়াকৈ এই দুৰ্নীতিৰ খবৰ পোহৰলৈ অহাৰ পিছতেই জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁইয়ে নিজাববীয়াকৈ এক তদন্ত কৰি সভাপতি গৰাকীয়ে স্থিতি স্পষ্ট কৰিবলৈ এসপ্তাহৰ সময়সীমা দি এখন জাননী প্ৰেৰণ কৰিছিল । কিন্তু ইয়াৰ পিছতো সভাপতি গৰাকীয়ে তেওঁৰ স্থিতি স্পষ্ট নকৰাত বুধবাৰে মেৰবিল পঞ্চায়তৰ কাৰ্যলয়ত অনুষ্ঠিত হোৱা কাৰ্য্যনিৰ্বাহক সভাত সভাপতি গৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাত আস্থা ভোটত সভাপতি জুনটি বড়া সপক্ষে দুটা আৰু বিপক্ষে আঠটা ভোট প্ৰদান কৰে ৱাৰ্ড সদস্য সকলে। ইফালে জুনটি বড়া সভাপতি পদৰ পৰা বৰ্খাস্ত হোৱাৰ লগে লগে পঞ্চায়ত আইন অনুসৰি উপ সভাপতি গৰাকীক সভাপতি দায়িত্ব প্ৰদান কৰা হব বুলি অৱগত কৰে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে।
    Published by:Manjumoni Borah
    First published: