গহপুৰত জিকিব নোৱাৰে ৰিপুণ বৰা, প্ৰত্যাহ্বান পল্লৱ লোচনৰ

বিজেপিক ওফৰাই শাসনৰ বাঘজৰী ল'বৰ বাবে একেখন নাৱতে উঠিছে কংগ্ৰেছ–এ আই ইউ ডি এফ৷ কংগ্ৰেছ -AIUDFৰ এই মিত্ৰতাত যেন চুনামিহে আহিছে বিজেপিলৈ৷
বিজেপিক ওফৰাই শাসনৰ বাঘজৰী ল'বৰ বাবে একেখন নাৱতে উঠিছে কংগ্ৰেছ–এ আই ইউ ডি এফ৷ কংগ্ৰেছ -AIUDFৰ এই মিত্ৰতাত যেন চুনামিহে আহিছে বিজেপিলৈ৷
- News18 Assam
- Last Updated: August 30, 2020, 8:48 AM IST
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা বি এল সন্তোষলৈকে সকলো চিন্তিত কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ। প্ৰথমে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰদেশ বিজেপিৰ সভাত কংগ্ৰেছ–AIUDFৰ প্ৰসংগ উত্থাপণ কৰাৰ পিছত বি এল সন্তোষৰে হোৱা শেহতীয়া বৈঠকতো অন্যতম মূল বিষয় হিচাপে স্থান পাইছিল কংগ্ৰেছ–AIUDFৰ মিত্ৰতাই। যিটো কথা স্বীকাৰ কৰিছে সাংসদ তথা সাধাৰণ সম্পাদক ৰাজদীপ ৰয়ে।
"কংগ্ৰেছ-AIUDFৰ মিত্ৰতা আমাৰ বাবে প্ৰত্যাহ্বান৷ আমি প্ৰসংগতো উলাই কৰি চলা নাই৷ আমাৰ বৈঠকত এই বিষয়টোৱে স্থান পাইছে৷ আমাৰ সংগঠন যিমান পাৰি শক্তিশালী কৰিব লাগিব৷ কিন্তু আমাক উজনি আৰু উত্তৰ অসমত এই মিত্ৰতাই আওপকীয়াকৈ সহায় কৰিব৷ আমি চাৰি ছেপ্টেম্বৰত হ'ব লগীয়া কাৰ্যনিৰ্বাহকৰ দিনটোৰ পৰাই সেয়ে ১০০দিনীয়া নিৰ্বাচনী ৰণকৌশলৰ দিন লৈছো ৷"— ক’লে ডাঃ ৰাজদ্বীপ ৰয়ে।
ইফালে, সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত এই প্ৰসংগৰ লগতে বিজেপিৰ আন এগৰাকী সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে কটাক্ষ কৰিলে অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰিপুণ বৰাক৷ "ৰিপুন বৰাই এতিয়া নিজেই সমষ্টি বিচাৰি হাহাকাৰ কৰিছে৷ গহপুৰত জিকিব নোৱাৰিব বুলি জানি নাওবৈচা যোৱাৰ কুচকাৱাজ চলাইছে৷ তেওঁ জানে পঞ্চায়ত নিৰ্বাচনত গহপুৰত কি অৱস্থা হৈছিল৷ মই তেওঁৰ সাহসেই নাই বুলিহে ক'লো৷"