শুকুৰবাৰৰ পৰা অসান্ত হৈ পৰিছে ভাৰত-পাক সীমান্ত। বাৰে বাৰে যুদ্ধ বিৰতি উলংঘা কৰিছে পাকিস্তানী সেনাই। পাকিস্তানী সেনাৰ বৰ্বৰতাত শুকুৰবাৰে কাশ্মীৰৰ উৰি চেক্টৰত শ্বহীদ হয় অসমৰ এজন সেনা জোৱান। শ্বহীদ সেনা জোৱান জনৰ নাম হৰাধন ৰায়। ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী মেধিপাৰাত। সেনা জোৱানজনৰ মৃত্যুক সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।
শ্বহীদ হৰাধন ৰয়ে মাত্ৰ দুমাহ পূৰ্বে পাঞ্জাৱৰ পৰা কাশ্মীৰত কৰ্তব্যত যোগদান কৰিছিল।
হাৰাধন ৰায়ৰ পৰিয়ালত মাক-দেউতাক,পত্নী আৰু দুবছৰীয়া সন্তান আৰু এগৰাকী ভনীয়েক আছে।
পৰিয়ালটোৰ একমাত্ৰ ল'ৰাৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শোকত ভাঙি পৰিছে পৰিয়ালটো। ভাৰতীয় সেনাবাহিনীৰ ৫৯ আৰ্টিলাৰীত আছিল বীৰ শ্বহীদ জন। হৰাধন ৰয়ৰ মৃত্যুত এতিয়া বিভিন্ন দল সংঠনৰ লগতে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 14, 2020, 08:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।