உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সৰভোগক ৰঙীন কৰাৰ প্ৰয়াস, কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ একাংশ ছাত্ৰই কৰিছে এই কাম

    সৰভোগক ৰঙীন কৰাৰ প্ৰয়াস, কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ একাংশ ছাত্ৰই কৰিছে এই কাম

    সৰভোগৰ ৰাইজক নতুনত্ব দিয়াৰ বাবে এক প্ৰয়াস চলাই এদিন চেল্ফী পইণ্টলৈ পৰিণত কৰিব  বৰপেটা জিলাৰ সৰভোগৰ অভাৰব্ৰীজক।

    সৰভোগৰ ৰাইজক নতুনত্ব দিয়াৰ বাবে এক প্ৰয়াস চলাই এদিন চেল্ফী পইণ্টলৈ পৰিণত কৰিব  বৰপেটা জিলাৰ সৰভোগৰ অভাৰব্ৰীজক।

    সৰভোগৰ ৰাইজক নতুনত্ব দিয়াৰ বাবে এক প্ৰয়াস চলাই এদিন চেল্ফী পইণ্টলৈ পৰিণত কৰিব  বৰপেটা জিলাৰ সৰভোগৰ অভাৰব্ৰীজক।

    • Share this:
    মিনি  লকডাউনৰ সময়ত সৰভোগৰ চিত্ৰশিল্পীৰ ব্যতিক্ৰমী প্ৰয়াস। চিত্ৰৰে সৰভোগক ৰঙীন কৰাৰ সপোন দেখিছে কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ কেইজনমান ছাত্ৰই। ইতিমধ্যে সৰভোগৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা অভাৰব্ৰীজত চিত্ৰ অংকন কৰাৰ কাম আৰম্ভ কৰিছে তেওঁলোকে। সৰভোগৰ ৰাইজক নতুনত্ব দিয়াৰ বাবে এক প্ৰয়াস চলাই এদিন চেল্ফী পইণ্টলৈ পৰিণত কৰিব  বৰপেটা জিলাৰ সৰভোগৰ অভাৰব্ৰীজক।

    ইতিমধ্যে সৰভোগৰ ৰাইজ ছেল্ফী উঠাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এই কামত ব্যস্ত কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ ছাত্ৰসকলে৷ সৰভোগৰ অভাৰব্ৰীজখক নতুনত্ব দিয়াৰ সপোন দেখা তথা চিত্ৰ অংকনত ব্যস্ত শিল্পী সকল ক্ৰমে কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ হৃত্বিক ভৰদ্বাজ, ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ বীৰাজ কুমাৰ দাস, প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ধীমান মজুমদাৰ, প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ নিলয় দাস৷



    কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ হৃত্বিক ভৰদ্বাজে সাংবাদিক কয় যে গুৱাহাটী মহানগৰীৰ অভাৰব্ৰীজত অংকন কৰা চিত্ৰবোৰ দেখি সৰভোগতো এক নতুনত্ব অনাৰ বাবে আমি ৪–৫ জন বন্ধু লগ লাগি সৰভোগৰ অভাৰব্ৰীজত চিত্ৰ অংকন কৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে বহু কাম সুন্দৰকৈ আগবাঢ়িছে। সৰভোগবাসী ৰাইজক অনুৰোধ কৰিছো যে চিত্ৰবোৰ যাতে সকলোৱে পৰিষ্কাৰ কৰি ৰাখে, যাতে সকলোয়ে সৌন্দৰ্য উপভোগ কৰিবলৈ পাৰে। ইয়াৰ জৰিয়তে সকলোৰে মনবোৰো ভাল লাগিব৷

    আন এজন ছাত্ৰ নিলয় দাসে কয় যে সৰভোগ তথা অন্য ঠাইৰ কেইজনমান চিত্ৰশিল্পীয়ে চিত্ৰৰে ৰঙীন কৰাৰ বাবে আমি এক প্ৰচেষ্টা হাতত লৈছো। ইতিমধ্যে সৰভোগৰ অভাৰব্ৰীজত চিত্ৰ অংকন কৰাৰ কাম আৰম্ভ কৰিছো৷ ছাত্ৰ বীৰাজ কুমাৰ দাসে কয় - কোকোৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টৰ ছাত্ৰ মোৰ জ্যেষ্ঠ দাদা কেইজনমানৰ সৰভোগত ঘৰ, তেওঁলোকৰ মুখত সৰভোগত চিত্ৰ অংকন কৰা কথা খবৰ পালো। আমি সৰভোগক এক নতুন পৰিচয় দিবলৈ চেষ্টা কৰিছো।
    Published by:Sanjay Kumar Das
    First published: